অমানুহ

সুউচ্চ অট্টালিকা আৰু প্ৰযুক্তি বিদ্যাৰ অত্যাধুনিক প্ৰসাৰতাত জিলিকি উঠা যুক্তৰাষ্টৰ এখন চহৰ হান্স ভিলা।
হান্সভিলা স্পেচ কেম্পৰ দ্বিতীয় মহলাৰ কোনোবা এটি বিলাসী কোঠা।
এহাল যুৱক যুৱতীৰ বার্তালাপ।মাজে মাজে যুৱকজন বিৰক্ত হৈ পৰে।যুৱকজনৰ কিবা কথাত যেন যুৱতীগৰাকীয়ে সহমত দিব পৰা নাই।যুৱকজনৰ কথাবোৰত অসহ্য হৈ এটা সময়ত যুৱতীগৰাকীয়

কোঠাটিৰ পৰা ওলায় আহি সংলগ্ন কোঠাটিত সোমায়গৈ।
“তাই যদি কাৰোবাক আগেয়ে নিজস্বতাক ত্যাগ দি থৈছে তেন্তে মোক ক‘ব লাগে।দুখী হ‘লেও সান্তনা লভিবলৈ সুযোগ এটা পালোহেঁতেন।মোৰ কি নাই? তাইক সুখী আৰু সন্তোষত ৰাখিব পৰা সকলোখিনি আছে মোৰ ওচৰত।এইক্ষেত্ৰত মই প্ৰবল আত্মবিশ্বাসী।তাই মোৰ প্ৰপজেলক বাৰে বাৰে ইগনৰ কৰাৰ কাৰণ কি হ‘ব পাৰে?বিজ্ঞানী হ‘লেও ময়ো মানুহ।মগজুটোৰ লগতে হৃদয় এখন মোৰো আছে।“আমেৰিকাৰ ‘নেচনেল এৰ’নটিক্স এণ্ড স্পেচ এডমিনিষ্ট্ৰেচন’ চমুকৈ ‘নাছা‘ৰ মহাকাশ বিজ্ঞানী ও গৱেষক মিঃঅভিজিতে কথাবোৰ ভাবে।জন্মসূত্ৰে তেওঁ অসমৰ।যোৱা তিনিবছৰ ধৰি তেওঁৰ মহাকাশ অধ্যয়ণ আৰ গৱেষণাৰ কাম কৰি আছে।
আচৰিত ব্যক্তিত্বৰ অধিকাৰী ছোৱালীজনী।পৃথিৱীৰ প্ৰায় সকলো ভাষাই স্পষ্টকৈ ক‘ব আৰু লিখিব পাৰে।যোৱা পাঁচবছৰ ধৰি তাই এই হান্স ভিলাৰ স্পেচ কেম্পত কাম কৰি আছে।যিকোনো পৰিস্থিতি আৰু পৰিবেশতে তাইৰ আচৰণ আৰু অনুভূতিৰ স্থিতি সলনি হোৱা পৰিলক্ষিত নহয়।কথাবোৰ অভিজিতে প্ৰায়ে লক্ষ্য কৰি আহিছে হয়তো সেইবাবেই আৰোহীৰ প্ৰেমত বাৰুকৈয় পৰিল।
কেইবাবাৰো সুধিছে সি তাইৰ কোনোবা আছে নেকি?কিন্তু তাইৰ এটাই মাত্ৰ উত্তৰ।কোনো নাই তাইৰ জীৱনত।কোনোবা অহাটোও তাই নিবিচাৰে।কিন্তু কিয়?সিতো এদিনো তাইৰ জীৱনৰ গভীৰতাক লৈ প্ৰশ্ন কৰা নাই।

কথাবোৰ ভাবি থাকোতেই হঠাতে ৰুমটোলৈ আৰোহী হুৰমূৰকৈ সোমায় আহে।
“ছাৰ আপোনাৰ কম্পিউটাৰ চেক কৰক,মিঃহকিংচে বার্তা পঠাইছে।আমাৰ মহাকাশচাৰী টীমটোৱে ইউৰেনাচৰ ৭০ডিগ্ৰী পূৱ দ্ৰাঘিমাংশত এটা ডাঙৰ সমস্যাৰ সন্মুখীন হৈছে।“ তাই আহি অভিজিতক সতর্কীকৰণ সূচনাটো দি তাই তাৰ পৰা আঁতৰ হয়।

অভিজিতে ততাতৈয়াকৈ ডেক্সটপ অন কৰি ল‘লে।সচাঁকৈয়ে এটা অবিশ্বাস্য ঘটনাৰ সন্মূখীন হৈছ মিঃহকিংচৰ নেতৃত্বত মহাকাশলৈ তিনিমাহৰ আগেয়ে ৰাওনা হোৱা মহাকাশচাৰী দহজনীয়া দলটো।মহাকাশযানখনৰ ৰেডিঅ আৰু অটমেটিক একটিভিসমূহ ক্ৰমশ নিষ্ক্ৰীয় হ‘বলৈ ধৰিছে।আৰু এই সমগ্ৰ সমস্যাটো হেনো কোনোবা বহিঃজাগতিক প্ৰাণীয়ে উদ্ভৱ কৰিছে।
মহাকযানখনৰ গোটেইখিনি ৰেডিঅ আৰু অটমেটিক একটিভিটিৰ সকলো যান্ত্ৰিক ব্যৱস্থাসমূহৰ দায়িত্ব আছিল অভিজিতৰ।সেই ক্ষেত্ৰত সি নিজৰ সকলো চিন্তা শক্তি প্ৰয়োগ কৰি কামো কৰিছিল।এতিয়া কথাটো হ‘ল মহাকাশযান খনত থকা বৈজ্ঞানিকসকলে উক্ত যান্ত্ৰিক সমস্যাটো নিয়ন্ত্ৰণ কৰিব পৰা নাই।তাতোতকৈয়ো ভয় এই এলিয়েন জাতীয় বহিঃজাগতিক প্ৰাণীসমূহৰ আক্ৰমণৰ বাবে।হকিংচে দিয়া তথ্য অনুসৰি সেইসকল প্ৰাণীয়ে নিজকে নিজৰ শক্তি প্ৰয়োগেৰে পৃথিৱীৰ ৰকেটবোৰৰ দৰে তৈয়াৰ কৰি ল‘ব পাৰে।কিন্তু সিহঁতৰ গতিবেগ আৰু নিয়ন্ত্ৰণ প্ৰক্ৰিয়া অতি আচৰিত।ঘণ্টাত প্ৰায় ৬০০কিঃমিঃ বেগেৰে গৈ ৯০ডিগ্ৰী কোণ কৰি দিশ সলাব পাৰে।তেনে এক অবিশ্বাস্য আৰু অফুৰন্ত শক্তিৰ অধিকাৰী প্ৰাণীক মানুহে পৰাজয় কৰাটো অসম্ভৱ।প্ৰাণীজাত অতি হিংসপ্ৰিয়।মানুহৰ উপস্থিতিক সিঁহতে কামনা নকৰে।
কংলিচৰ মতে ইয়াৰ সকলো কাম কাজ আৰোহীৰ হাতত দি অতি সোনকালেই অভিজিত মহাকাশলৈ ৰাওনা হ‘ব লাগে।অন্যথা সিহঁতৰ উদ্দেশ্য বিফল হোৱাৰ পথত।
কিছু শংকা আৰু সন্দেহৰ ভাৱ উপজিল যদিও তাৰ মনটো কিছু শান্ত হ‘ল।আৰোহীৰ প্ৰতি বাঢ়ি অহা দূর্বলতাখিনি সংযম কৰিবলৈ এইয়া যে এক সবল সুযোগ।
একেঘেয়ামি চিন্তাৰ পৰিপ্ৰেক্ষিত অভিজিতৰ মানসিকতা কিছু সলনি হৈ পৰিছিল।এতিয়া আৰু চিন্তা নাই।অহা দুই-এদিনতে সি মহাকাশলৈ ৰাওনা হ‘ব।মিঃ কলিংচক কোনোমতেই এই বিপদৰ পৰা উদ্বাৰ কৰিব লাগিব
মহাকাশলৈ যোৱাৰ আগতে অন্তিমবাৰৰ বাবে সি আৰোহীক লগ কৰিবগৈ।সময়ৰ তাগিদাত আৱেগে মানুহৰ হৃদয় থকাৰ প্ৰমাণ দিয়াৰ মূহুর্ত্ততে সি আৰোহীলৈ প্ৰেমৰ প্ৰস্তাৱ আগবঢ়াই যি মানসিক কষ্ট তাইক দিলে তাৰ বাবে সি তাইৰ ওচৰত ক্ষমা খুজিব।হয়তো তাইৰ কাষলৈ উভটি অহাটো সম্ভৱ নহবও পাৰে।মহাকাশৰ কোনোবাখিনিতেই হয়তো তেজষ্ক্ৰীয় নিষ্কিয়তাৰ ফলত জীৱনৰ উশাহ নিশাহ স্তব্ধ হৈ পৰিব।
“বহিঃজাগতিক প্ৰাণীৰ আনুমানিক ধাৰণাক লৈ ইউৰোপৰ বিজ্ঞানীসকলে সোতৰ শতিকাৰ পৰাই পৰীক্ষা নিৰীক্ষা চলাই আহিছে।সেই ক্ষেত্ৰত অভিজিতো ব্যতিক্ৰম নহয়।আনুমানিক ধাৰণামতে এই বহিঃজাগতিক প্ৰাণীসমূহে যদি পৃথিৱীক আক্ৰমণ কৰিবলৈ আৰম্ভ কৰি দিয়ে তেন্তে পাঁচমিনিটৰ ভিতৰতে পৃথিৱীখন নিঃশেষ হে পৰিব।
চাক্ষুক দৃষ্টিৰে সি এটা অবিশ্বাস্য সত্যৰ সন্মুখীন হ‘বগৈ।ব্যক্তিগত স্বার্থতকৈ বিশ্বৰ হিতার্থে কিবা এটা কৰাটো বহুগুনে উর্দ্ধত“কথাবোৰ অভিজিতে ভাৱি ভাৱি আৰোহীৰ ঘৰ অভিমুখে আগবাঢ়িছে।
আৰোহীৰ দেউতাক নাছাৰ এজন আদর্শৱান আৰু অভিজ্ঞতাবাদী প্ৰখ্যাত বিজ্ঞানী।কেম্পৰ কর্মচাৰীৰ মুখে সি আৰোহী দেউতাকৰ লগত নিজ বাসগৃহত থকাৰ কথাটো গম পালে।
সন্ধিয়া ছয়বজাতেই আৰু তিনিজন সহকর্মীৰ সৈতে নাছাৰ পৰা মহাকাশলৈ ৰাওনা হ‘ব।অপেক্ষাৰত মাত্ৰ তিনিঘণ্টা সময়ৰ ভিতৰতে যিকোনো প্ৰকাৰেই আৰোহীক এবাৰলৈ লগ কৰিবই লাগিব।
বিশ্বৰে সকলো ৰহস্য তলা নলা কৰিব পৰা বিজ্ঞানে এজনী ছোৱালীৰ মনৰ গোপনীয়তা ভেদ কৰিব নোৱাৰে।কি আচৰিত!-কথাবোৰ ভাবি থাকোতেই অভিজিতে আমেৰিকাৰ লগতে বিশ্বৰ বিখ্যাত মহাকাশ বিজ্ঞানী অথ্যাৎ আৰোহীৰ দেউতাক ষ্টিফেনৰ বাসগৃহৰ সন্মুখ পালেহি।কাৰখনৰ পৰা নামিয়েই সি ঘৰৰ চাৰিসীমাত প্ৰৱেশ কৰিলে।কাচেৰে সজোৱা এটি অত্যাধুনিক বিলাসী ঘৰ।

মিঃষ্টিফেন আহিয়েই অভিজিতক আদৰি ভিতৰলৈ নিলে।আৰোহীৰ কথা সোধাত মিঃষ্টিফেনে এটা কোঠালৈ তাক লৈ গ‘ল।আৰু অভিজিতে কোঠাটোত দেখিবলৈ পালে আৰোহীৰ দেহৰ অসংলগ্ন টুকুৰাবোৰ।আৰু দেখিবলৈ পালে আৰোহীৰ খণ্ডিত টুকুৰাবোৰ পৰা বিছিন্ন বিভিন্ন ৱাইৱাৰ আৰু সৰু সৰু কিছুমান বৈদ্যুতিক যন্ত্ৰ।
-আৰোহীৰ টেকনিকেল চিষ্টেমত কিছু গণ্ডগোল হৈ আছিল।ভাবিলোঁ আজিয়েই ঠিক কৰি লওঁ“
-মানে খুড়া আৰোহী?
-হয়।এই ৰৱর্টটো ময়েই আৱিস্কাৰ কৰিছিলোঁ।

No comments: