মৰম তুমি কম নকৰিবা লাগিলে দূৰে দূৰে আঁতৰি থাকা

“এইখন আনিলো চোৱা!কেনেকুৱা লাগিছে মোক?“—প্রহেলিকাই নতুন শাৰীখন পিন্ধি হোৱাটচ্আপত ফটো চাৰিকপি পঠাইছে।এতিয়া কথাটো হ’ল, শাৰীখনৰ কথা সুধিছে নে নিজৰ কথা সুধিছে! শাৰীখনৰ পচন্দ অৱশ্যে মানিবলগীয়া।তাইকো বেচ ভাল লাগিছে। তথাপি মনে মনে অলপ হিংসা লাগে তাইলৈ।ইমান সাজি কাচি চকুতপৰাজনী হৈ থাকিবলৈ কিহে পায় তাইক? “সেই দিন গ’ল আৰু প্ৰহেলিকা।এতিয়া তুমি
হাজাৰগুনে ধুনীয়া হ’লেও কামত নাহে।এতিয়া তুমি মোৰ সহধর্মীনি হোৱাৰ লগতে এবছৰীয়া ল’ৰা এটিৰ মাক।ফটো দিছা দিয়া।কমচে কম মাইনাৰ ফটো এখন তো দিব পাৰা।” কেতিয়াবা ভালকৈ বুজাব লাগিব তাইক।
মানুহটোলৈ ফোন এটা কৰিবলৈ সময় নাপায় আজিকালি।বেছিভাগ সময় মাইনাক লৈয়ে ব্যস্ত হৈ থাকে।পুতেকক পায় এইফালে চকু কানেই নিদিয়া হ’ল।প্ৰেমিকৰ পৰা গৈ মানুহটো হ’লোগৈ।সোণ,কলিজা,জান বাদ দি মাইনাৰ বাপেক বুলিহে মাতে আজিকালি।
“যোৱা ক’ত থাকা থাকাগৈ।বিয়া পাতিলা নহয়।মাইনাকো দিলা।এতিয়া মোৰ চিকৰিউটী গার্ড নকৰিলেও হ’ব।মা-দেউতা আছে।কথা পাতিবলৈ দস্তুৰমত ভনীয়েৰা আছেই।এতিয়া তুমি জংগলৰ পশুকেইটাৰ গার্ড কৰাকৈ।হাঃহাঃহাঃ”—ইয়ালৈ ট্ৰান্সপাৰ হৈ আহিবৰ দিনা গোটেই ঘৰখনৰ আগতে হাঁহি হাঁহি তাই মোক কৈছিল।
পালোঁ নহয় এষাৰ শুনিবলৈ।সময়ত ভনীয়েকৰ সখীয়েকক বিয়া পতাৰ ফল এইয়া।
এসময়ত চাকৰি লাগে,চাকৰি লাগে বৰকৈ টেটুফালি চিঞৰিছিলোঁ নহয়।চার্টিফিক্যেটচ্ জেৰক্স কৰি কৰি আমনি লাগি গৈছিল।এতিয়া মজ্জাটো পাইছ আমুকা! মৰ এতিয়া ইয়াত।ফৰেষ্ট ডিপার্টমেণ্টৰ চাকৰি এনেকুৱা বুলি আগতেই জনাহেঁতেন অকলে অকলে এই অফিচটোত বহি থকাতকৈ পথাৰত নাঙলটো ধৰি থকায় ভাল আছিল।অন্ততঃ প্ৰহেলিকাৰ লগতে বেছিভাগ সময় পাৰ কৰিলোহেঁতেন।

“ইমান বিজি আছা নে?ফোন নকৰা নাই দিনটোত কমচে কম মেচেজ এটা কৰা।ইমানকৈ ফোন মাৰি আছোঁ।ক’ত মৰিবলৈ গৈছিলা?”—প্ৰহেলিকাই প্ৰচণ্ড অভিমানত কয়।
“নহয় মানে মায়ে বজাৰৰ পৰা আহিব কৈছিল।তাকে ম’বাইলটো চার্জতে লাগি থাকিল।পাহৰিয়েই থাকিলোঁ।“—মিচিকিয়া হাঁহি এটি মাৰি মই কৈছিলোঁ।
—চুপ থাকা।কথায়ে নক’বা।অমলহঁতৰ ঘৰত কেৰম খেলি থকা নাছিলা? মোক শিখাই ক’লে।
—মানে তুমি ভণ্টীলৈয়ো ফোন কৰিছিলা ন?
—খেলি আছিলা নাই মোক সেইটো কোৱা!
—বজাৰৰ পৰা ঘূৰি আহিহে খেলিছিলোঁ।
—আকৌ মিছা।নামাতিবা মোক।হ’ব ফোন ৰাখা।

“শপত কৈছোঁ।আৰে আৰে।শুনাচোন” কথাষাৰ ক’বলৈয়ো নাপাইছিলোঁ।ফোনটো কাটি দহমিনিট মানলৈ চুইটচ্ অফ কৰি ৰাখিছিল।হুমম্ !আজিকালি পিছে মই ফোন কৰি থাকিলেহে ৰিচিভ নকৰে।
“মাইনাক গা ধুৱাই আছিলোঁ, গা ধুবলৈ গৈছিলোঁ, দেউতাক পথাৰত জলপান দি আহিলোঁ” ইত্যাদি ইত্যাদি অজুহাত।মই বেয়া নাপাওঁ।এসময়ত প্ৰেমিক হৈ প্ৰহেলিকাক মিছা কোৱাৰ ইনচাফ পাইছে এতিয়া তাই।তাকো মোৰ ঘৈণী হৈ।

ফটোকেইখন জুম মাৰি মাৰি চালোঁ।অলপ শকত হৈছে তাই।ধুনীয়াজনীও হৈছে।ইয়াৰ ক্ৰেডিটটো অৱশ্যে মই পাম।শাহুৰ-শহুৰে বুকু ডাঠি ক’ব “মাজনীক জোঁৱাইয়ে বৰ সুখত ৰাখিছে দেই,শকত হৈছে দেখিছা নাই।”
চাৰিদিন ধৰি কাৰেণ্ট নাই।ম’বাইলটোও অফ হ’ব এতিয়া।টোপনিও ধৰিছেগৈ।প্ৰহেলিকা এতিয়া পাকঘৰত ব্যস্ত।ক’তা মোৰ লগত লেকচাৰ মাৰি থাকিব পাৰিব! মাঘ বিহুলৈ বেছি দিন নাই।বিহুৰ চুটীত ঘৰলৈ যাব লাগিব।তেতিয়ালৈ মাইনায়ো পাপা বুলি মাতিব পৰা হ’ব।
“আমাৰে মাইনা শুব
বাৰীৰে বগৰী বুটলি খাব
আমাৰে মাইনা শুব”
চাওঁ মাইনা!পাপালৈ ফোন এটা কৰোঁ।নহ’লে আমাক বেয়া পাব নহয়।
মাকৰ নিচুকনিত এইমাত শুই লালকাল দিয়া কণমানিটিক তাই বিচনাখনত শুৱাই দিয়ে।লাইটৰ চুটচটো অফ কৰি টেবুলত পৰি থকা ম’বাইলটো হাতত তুলি লয়।
কণ্টেক নাম্বাৰ খুচৰি "HUN" ত ক্লিক কৰি ডাইল কৰে।
“আপুনি ডাইল কৰা নাম্বাৰটো বর্তমান চুইটচ্ অফ হৈ আছে।অনুগ্ৰহ কৰি কিছু সময়ৰ পাছত ডাইল কৰক।“ প্ৰত্ত্যুতৰৰ প্ৰান্ততঃ কণমানিটিৰ কাষতে তাই শুই দিলে।
“সোণ গুড নাইট দেই আমি শুইছোঁ।“ কথাষাৰ কৈ তাই ম’বাইলটোত লাহেকৈ গান এটি লগায় দিলে।লাহেকৈ ভাহি আহিল, “মৰম তুমি কম নকৰিবা
লাগিলে দূৰে দূৰে আঁতৰি থাকা।”

No comments: