প্রতিশোধ
আগন্তুক ২৫-২৬ বছৰীয়া এজন যুৱক।থানাখনৰ গেটৰ সন্মুখতে বাইকখন ৰাখি যুৱকজন সোমাই আহে।যুৱকজনৰ মুখমণ্ডলত চিন্তা,ক্ষোভ আৰু ভয়ৰ সামান্য প্ৰলেপ এটা বাৰুকৈয় বিয়পি পৰিছে।কঁপালত বিন্দু বিন্দু ঘামৰ বিৰিঙণি।কোনো কাৰণতেই আজিলৈকে থানালৈ আহিবলগীয়া হোৱা নাই।জীৱনত এইয়াই প্ৰথম।কি হয় দেখা যাব।
“সৌৰভ চলিহা ছাৰে মোক মাতি পঠাইছিল।”—প্ৰথম গৈয়ে যুৱকজনে ওচৰতে ৰৈ থকা হাবালদাৰ এজনক কথাটো ক’লে।
“আপুনি অনুৰাগ বৰা হয়নে?”—হাবালদাৰজনে সহাৰি জনালে।বোধহয় তেওঁলোকে ইমানপৰে অনুৰাগ বৰা নামৰ মানুহজনলৈকে ৰৈ আছিল।
“হয় ময়েই অনুৰাগ বৰা।ৰাতিপূৱাই ছাৰে ফোন কৰি ইয়ালৈ মাতি পঠাইছে।তেওঁ ক‘ত?”—যুৱকজনে ক’লে।
“আপুনি ইয়াতে অলপসময় বহকচোন।মই ছাৰক কথাটো জনাই দিওঁ।”—হাবালদাৰজনে চকীএখন যুৱকজনৰ ফালে আগবঢ়াই দি ভিতৰলৈ সোমাই গ’ল।
পুলিচৰ কামেই হৈছে সন্দেহ কৰা।এইক্ষেত্ৰত তাৰ চিন্তা কৰিবলগা বিশেষ একো নাই।যি সুধিব তাৰ সঠিক উত্তৰকেইটা দিব পাৰিলেই হ’ল।
“আপোনাক ছাৰে ভিতৰলৈ মাতিছে।সোমাই আহক”—হাবালদাৰজনৰ পাছে পাছে যুৱকজন ভিতৰলৈ সোমায় গ’ল।
“ইয়ালৈ নিজেই অহাৰ অসুবিধাকণ বহন কৰাৰ বাবে আপোনাক ধন্যবাদ।বেছি সময় নলওঁ।বচ সৰু সুৰা দুই এটা কথা জানিবলৈ পালেই হ’ব।গতিকে বহকচোন”—সন্মুখৰ চকীখনত বহীবলৈ কৈ সৌৰভ চলিহাই পুনৰ সুধিলে।
“আপোনাৰ আটাইতকৈ নলে গলে লগা বন্ধু প্ৰভাত শইকীয়াৰ হত্যাৰ বিষয়ত আপুনি কি ক’ব খোজে?”—আৰক্ষী বিষয়াজনে সুধিলে।
“সি মোৰ ভাল বন্ধু যদিও খুব কম সময়ৰ বাবেহে তাক লগত পাওঁ।সেইখিনি সময়তে সি যি কৈছিল তাৰ পৰা অনুমান হয়, সি ভিতৰি ভিতৰি কিবা এটা ডাঙৰ সমস্যাত পৰিছিল।”—অনুৰাগে সহজভাবেই কথাখিনি ক’লে।
—কেনেধৰণৰ সমস্যা?
—মোক একো কথায়ে সি পোনপটীয়াকৈ নকয় আনকি প্ৰিয়ংকাকো নকয়।সেইদিনা সি মোক মাত্ৰ সময় আহিলে সহায় কৰি দিব লাগিব বুলি কৈছিল।
—এই প্রিয়ংকা কোন?আৰু আপুনি এবাৰো কিয় নুসুধিলে যে কি সহায় কৰিব লাগিব?
—প্ৰিয়ংকা মোৰ ভণ্টী।জন্মগতভাবে নহয় চিনাকীসূত্ৰেহে।আৰু প্ৰভাতৰ প্ৰেমিকা।যিটো সময়ত সি কথাটো কৈছিল তেতিয়া সি নিচা হৈ আছিল।মই তাক ঘৰলৈ যাব ক’লো।সি গ’লগৈ।মই তেতিয়া ক্ৰিকেট খেলখন চায় ভাত খাবলৈ গৈছিলো।নিশা প্ৰায় এঘাৰ বজাত বাছষ্টেণ্ডৰ পৰা মোৰ চিনাকী বন্ধু এজনে খবৰ দিছিল প্ৰভাতৰ হেনো এক্সিডেণ্ট হৈছে।মই মুঠেই ভবা নাছিলো ঘটনাটো গৈ হত্যাকাণ্ডহে হ’বগৈ।মই জনাত তাৰতো কোনো শত্ৰু নাছিল।
—অহ আই চি।চাওক অনুসন্ধানৰ পৰা আমি যি তথ্য পাইছোঁ আৰু কিছু আনুমানিক ধাৰণাৰ পৰা গম পাইছোঁ আপোনাৰ বন্ধু প্ৰভাতৰ হত্যাকাৰীয়ে দীর্ঘদিনীয়া সবল পৰিকল্পনাৰে অতি নির্মমভাবে হত্যা কৰিছে।খুব কম সময়ৰ ভিতৰতে আপোনাৰ বন্ধুৰ হত্যাকাৰীক আমি পোহৰলৈ আনিম।বাৰু আপুনি এতিয়া যাব পাৰে।প্ৰয়োজন হ’লে আপুনি আকৌ আহিব লাগিব।
—নিশ্চয় আহিম।যিকোনো সময়তে মই মোৰ বন্ধুৰ বাবে কৰণীয়খিনি কৰিবলৈ সাজু।
অনুৰাগ আৰু আৰক্ষী বিষয়া মিঃসৌৰভ চলিহা বাহিৰলৈ ওলায় আহিল।
“ওপৰৰ পৰা অর্ডাৰ আহিছে, এসপ্তাৰ ভিতৰত কেচটো কিবা ৰকমে হ’লেও হেণ্ডেল কৰিব লাগে।যোৱাকালি কেইবাটাও সংগঠনে নির্ধাৰিত দিন বান্ধি দিছেহি।আমিও মানুহহে ভগৱান নহয় যে হত্যাকাৰীক ক’ত আছে?কোন হয় তাক ইমান সহজ আৰু সোনকালে জানিবলৈ।সময় লাগিব আমাক।কিন্তু হত্যাকাৰী ধৰা পৰাটো নিশ্চিত।”—সৌৰভ চলিহাই কথাখিনি কৈ পকেটৰ পৰা চিগাৰেটৰ পেকেটটো উলিয়াই এটা চিগাৰেট অনুৰাগৰ পিনে আগবঢ়াই দিয়ে।
“ন’। ঠেংকচ্।ঠিকেই কৈছে আপুনি হ’লেও যেতিয়া আপোনালোকেই এটা এক্সিডেণ্টক হত্যা বুলি প্ৰমাণ কৰিছে তেনেস্থলত হত্যাকাৰীকো সোনকালে ধৰা পেলাবই লাগিব।বাৰু মই আহোঁ।প্ৰয়োজন হ’লে মোক ফোন কৰি জনাই দিলেই হ’ব।”—অনুৰাগে কথাখিনি খোজ ল’লে।
—বাৰু বৰুৱা যোৱাৰ আগত এটা কথা কৈ যাওক প্ৰিয়ংকাক আপুনি প্ৰথম কেতিয়া লগ পাইছিল?আৰু প্রভাতক কেতিয়া লগ পাইছিল?
—অ’ প্ৰিয়ংকাক লগ পোৱা চাৰিবছৰেই হ’ল।প্ৰভাতে যোৱাবাৰ বিহুত চিনাকী হৈছিল।
—ভাল বাৰু আপুনি যাওক এতিয়া।
বাইকৰ এক্সেলট্যৰত হাতখন আকৌ এবাৰ পকাই দি অনুৰাগে নিজৰ পছন্দৰ গতিত আগবাঢ়িল।বাইকৰ সৰু কাটাৰডালে ঘূৰণীয়াকৈ থকা সংখ্যাবোৰৰ ভিতৰত গৈ গৈ 80 চুলেগৈ।আকাশখন ক্ৰমশ গোমোঠা হৈ আহিছে।খুব সোনকালেই বৰষুণজাক সৰিব।অৱশেষত প্ৰভাতৰ মৃত্যুত বৰষুণেও সহাৰি জনাব।এইয়া চকুলো নহয়।প্ৰভাতৰ মৃত্যুৰ প্ৰান্ততঃ আকাশৰ দিগন্তত কোনোবাখিনিত আজিও ধৰফৰাই থকা ভনীয়েক অনামিকাৰ আত্মাখনে প্ৰশান্তিৰে মুক্তি পাব।এই অমানুহ তথা নিষ্টুৰ পাশৱিক মানসিকতাৰ জনক প্ৰভাতৰ অমানৱীয় দুষ্কর্মৰ বাবেই অনবৰতে ওঁঠদুটিত হাঁহি এটি লৈ দাদা অমুকটোহে, দাদা তমুটোহে বুলি চিঞৰি থকা মৰমৰলগা ভনীয়েকজনীৰ সম্পূর্ণ উলংগ প্রাণহীন শৰীৰটো সেইদিনা দলংৰ তলত নিথৰ হৈ পৰি ৰৈছিল।তাৰ পাছত…তাৰ পাছত আকৌ এদিন হয়তো
প্রিয়ংকাৰো..! তেনে হ’বলৈ যোৱাৰ আগতেই প্ৰভাতৰ দৰে মানুহক সি এই পৃথিৱীৰ পৰাই বাহিৰ কৰি পেলালে।
“মোৰ ভণ্টীয়ে তোক চিনি নাপালে প্ৰভাত।আৰু তই? তয়ো মোক চিনি নাপালি যে মই অনামিকাৰ একমাত্ৰ ককায়েক।”
সেইদিনাৰ ঘটনাটো আকৌ এবাৰ তাৰ মানসপটত ভাহি আহিল।
টিভিটো অন কৰি সি দোপালপিটা বৰষুণজাককো আওকাণ কৰি মাজনিশাৰ ঘোৰ আন্ধাৰতো সি বাছষ্টেণ্ডলৈ যোৱা ৰাস্তাটোৰে নগৈ এৰাবাৰীখন পাৰ হৈয়ে আগবাঢ়িছিল।হাতত একো নাই।কিন্তু মনত প্ৰতিশোধৰ দাওদাওকৈ জ্বলি থকা জুই একুৰাই অনবৰতে তাক উন্মাদ কৰি তুলিছিল।প্ৰভাত গৈ পোৱাৰ দুই তিনিমিনিটমান আগতেই সি তাত উপস্থিত হৈছিল।যথাস্থানৰফালে প্ৰভাতে নিজৰ বাইকত ঘণ্টাত প্ৰায় ৫০-৬০ কিঃমিঃ মানত আগুৱাইছিল।আৰু সি পাছফালে হাতখনেৰে ৰিভলভাৰটোৰ টিগাৰত খামুচি ধৰি আছিল।তাৰ পাছতেই…তাৰ পাছতেই।ৰিভলভাৰটো গৰজি উঠিল।চাল্লা ভয়াতুৰ।গুলিৰ শব্দত বাগৰি পৰা প্ৰভাতৰ মূৰ,ডিঙি সকলো ছিন্ন ভিন্ন হৈ অ’ত ত’ত চিটিকি পৰিছিলগৈ।
“এবছৰৰ আগত এই ল’ৰাজনৰ দেউতাকে আহি মোৰ ওচৰত গোচৰ তৰিছিলহি যে তেওঁৰ সোতৰ বছৰীয়া জীয়েকক ল’ৰা এটাই ধর্ষণ কৰি মাৰি পেলাইছে।উল্লেখিত ল’ৰাটোৰ নাম মোৰ এতিয়াও ভালকৈয়ে মনত আছে।হয় প্ৰভাত শইকীয়া।দেউতাক নৰেন্দ্ৰ শইকীয়া।আইন কি?প্ৰশাসন কি সকলো তেওঁৰ হাতৰ মুঠিত।মই সকলো জানি বুজিও একো কৰিব পৰা নাছিলোঁ।মাকজনীয়ে বাউলিজনী হৈ কান্দিছিল।সেই নিৰীহ ছোৱালীজনীৰ হত্যাত সেইদিনা মাত মাতিবলৈ কোনো আগবাঢ়ি অহা নাছিল।আজি সকলো অভিন্ন।এটা কথা স্পষ্ট যে প্ৰভাতৰ হত্যা হৈছে।আৰু এইটো সঁচা যে অনুৰাগেই নিজৰ প্ৰতিশোধ পূৰণার্থে প্ৰভাতক হত্যা কৰিছে।দুই এটা কথা খুচুৰিলেই সকলো বাহিৰ হ’ব।প্ৰভাত অপৰাধী আছিল।অনুৰাগো আইনৰ দৃষ্টিত অপৰাধী।অথচ আজি সেইজনী ভনীয়েকৰ বাবেই তাইৰ ককায়েকক মই ৰেহাই দিম।”—ভাবি ভাবিয়েই মিঃসৌৰভ শইকীয়াই পূৰণা ফাইলটো সামৰি প্ৰভাত হত্যাকাণ্ডৰ সকলো নথি পত্ৰৰ লগতে সূচনা তথ্যসমূহ আৰু আনকি অভিযোগ নামাখনো জ্বলাই দিলে॥