এনেকৈয়ে জীয়াই থাকিবলৈ মন যায়

সদায পুৱা কামলৈ যাওঁতে দেউতাই মোক আৰু মাক দিনটোলৈ বিদায় জনাই সান্তনাৰ
হাঁহি এটি ওঁঠত বিৰিঙাই লৈছিল।আৰু তেওঁৱেই আমাৰ পৰা চিৰদিনৰ বাবে
আঁতৰি য়ায়গৈ।সেইদিনা চিঞৰি চিঞৰি
কান্দিছিলোঁ।গোটেই ৰাতিটো মায়েও মোক বুকুত লৈ কান্দিছিল।মাৰ অশ্ৰুৰ
টোপালবোৰ দুগালেদি আহি মোৰ মূৰত সৰিছিলহি।দেউতাৰ মৃত্যু হোৱাৰ দুদিনৰ পাছতেই মায়েও মোৰ পৰা চিৰদিনৰ বাবে আতৰি গ’ল।হয়তো দেউতাৰ কাষলৈকে


গৈছিলগৈ।একেবাৰে ভাগি পৰিছিলোঁ।হতাশা আৰু দুখবোৰে লগ একান্তই সংগী হৈ পৰিছিল।চকুপানীবোৰ বৈ বৈ ক্ৰমশ শেষ হৈ গৈছিল।মা-দেউতাৰ সৈতে একেলগে জীৱনৰ সুখবোৰ
বুটলি ল’বলৈ শিকিছিলোঁহে মাথোঁ ভগৱানে তাকো হিংসা কৰিলে।ডিগ্রীৰ ফাইনেল
পৰীক্ষাৰো সময় আহি পৰিছিল।বিষাদখিনি বুকুত লৈ কেনেকৈ পৰীক্ষা দিওঁ বাৰু?বাদ
দিছিলো সকলো।মৰিবলৈ মন গৈছিল কিন্তু মইতো মাৰ দৰে ইমান দুর্বল নহওঁ।ককাৰ একমাত্ৰ পুত্ৰ দেউতা আছিল আৰু দেউতাৰ একমাত্ৰ সন্তান
বুলিবলৈ মই ।মাৰ মৃত্যুৰ কেইদিনমানৰ পাছতেই ৰিয়াৰ দেউতাকৰ বুজনি,লগৰবোৰৰ অনুৰোধ,আৰু ৰিয়াৰ অনুপ্ৰেৰণাৰ শেষত মই ৰিয়াহঁতৰ ঘৰত থাকিবলৈ মান্তি হৈছিলোঁ।ৰিয়াৰ দেউতাক আমাৰ
হাইস্কুলখনৰ প্ৰধান শিক্ষক আৰু ৰিয়া একমাত্ৰ মোৰ বাল্যকালৰ বান্ধৱী।এল পি
স্কুলৰ পৰা আৰম্ভ কৰি কলেজলৈকে একেলগে পঢ়ি আহিছোঁ।সেইদিনা ৰিয়াৰ দেউতাকে কৈছিল “যি হ’ব লগা আছিল হৈ গ’ল।সেইবোৰ সকলো ভাগ্যৰ লিখন।চোৱা দিগন্ত! হৈ যোৱা
কথাখিনিৰ বাবে তুমি দুখ কৰি একো লাভ নহ’ব।মা-দেউতাক জানো আকৌ ঘূৰাই পাবা?
কেতিয়াও নোপোৱা আৰু এইবোৰৰ কাৰণে তুমি তোমাৰ ভৱিষ্যত শেষ কৰিব
নোৱাৰা।অহা দুই এদিনৰ ভিতৰত তোমালোকৰ পৰীক্ষাআমাৰ ঘৰত থাকিলে ৰিয়াৰ লগত
একেলগে পঢ়িব পাৰিবা।দুয়োটাৰে যথেষ্ট সুবিধা হ’ব।এতিয়া ব’লা।“

মই মৌন হৈয়ে ৰ’লো।দেউতাকৰ কাষতে ৰৈ থকা ৰিয়াই কৈছিল
“ব’লা দিগন্ত।এখন নতুন পৃথিৱীয়ে তোমালৈ বেঙা মেলি ৰৈ আছে।“
সকলো দুখৰ লগতে মা-দেউতাৰ স্মৃতিক বুকুতে লৈ ৰিয়াহঁতৰ ঘৰত সোমাইছিলোগৈ।ৰিয়াৰ
মাকে চকুলো উপচাই কৈছিল
“আজিৰ পৰা মোকেই মা বুলি মাতিবা দিগন্ত।কোৱা পাৰিবা?“
মনে মনে আছিলো।মোৰ মাৰ স্থান সুকীয়া সেই স্থান কোনেও দখল কৰিব নোৱাৰে।

“মা এতিয়াই নো সেইবোৰ কথা কিয় ক’ব লাগিছে।ল’ৰাটো আহি পাইছেহিহে।“—কথাষাৰ কৈ
ৰিয়াই হাতখনত খামুচি ধৰি তাইৰ ৰুমটোলৈ সুৰহুৰাই টানি লৈ গৈছিল।ৰিয়াহঁতৰ
সংস্পর্শলৈ আহি বহুখিনি দুখ পাহৰি পেলাইছিলোঁ।ৰিয়াৰ মাক আৰু দেউতাকৰ মৰম আৰু সহানুভূতিত
জীয়াই থকাৰ আশা আৰু হাবিয়াসখিনি আকৌ সজীৱ হ’বলৈ লৈছিল।

সেইদিনা ৰিয়াৰ সতে ঘৰটোৰ ফালে গৈছিলো।চৌহদত সোমায়েই অনুভৱ কৰিছিলো লেহুকি যোৱা কেচাঁ খেৰৰ ঘৰটোত যেন মা-দেউতাই
কিবা কথা পাতি আছে মাজে মাজে হাঁহিছেও।ভয়তে ৰিয়াৰ হাতত ধৰিছিলো। ৰিয়াই সেই
ভয়ৰ শিহৰণ অনুভৱ কৰা নাছিল যদিও কৈছিল
“দিগন্ত যাওঁগৈ ব’লা।গধুলি হ’বৰ হ’ল।“

—এইফালে আঁহা।মা-দেউতাহঁত ভিতৰতে আছে লগ কৰি আহোঁ।
—ভয় খুৱাই নাথাকিবাচোন।ৰিয়াই আৰু জোৰকৈ হাতখন ধৰি লৈছিল।
ভিতৰত বেছি সময় থাকিব নোৱাৰিলো।ধাৰাসাৰে চকুলো বাগৰি আহিল।চকুলোবোৰ
মোহাৰি মোহাৰি ৰিয়ায়েও উচুপিছিল।ঘৰলৈ উভটিছিলো।

—ইমান মনে মনে আছা যে কি ভাবিছানো?
—বিয়াৰ কথা ভাবিছো।বিয়া পাতিলে ইয়াতে ঘৰ বনাব লাগিবতো।
—আও কি ল’ৰা অ তুমি?এতিয়াই বিয়াৰ কথা?ক’ৰবাত ছোৱালী চাই থোৱা নাইতো?
—চাই থৈছোঁ এজনী।কোন নুসুধা?
—কোন?।ৰিয়া খঙতে ৰঙা চঙা
পৰি মুখখন ওফন্দাই কথাষাৰ কৈছিল

—মইতো তোমাৰ কথাহে কৈছিলোঁ।
—অসভ্য ক’ৰবাৰ।বদমাছ চাল্লা। কথা ক’ব আহিছা? তাই হাতখন দাঙি খেদি আহিছিল।
ৰিয়াৰ সৈতে একেলগে পৰীক্ষা দিলো।ৰিয়াৰ পৰীক্ষা সদায় ভাল মোৰ সদায়
কাল।সদায় জহাই থাকে পৰীক্ষাৰ কথাক লৈ।কেতিযাবা বৰকৈ অকলে থাকিবলৈ মন যায়।ৰিয়াই
আহি আমনিত আকৌ সহজ হৈ পৰোঁ।পৰীক্ষাৰ ৰিজাল্ট ওলাল অৱশেষত। ৰিয়াৰ
ৰিজাল্ট আশাকৰামতেই ভাল হ’ল ।প্ৰথম বিভাগতে উত্তীর্ণ হ’ল আৰু মই টানি-টুনি দ্বিতীয় বিভাগত পাছ হ’লো ।ৰিয়াৰ পৰা
পার্টী বিচাৰি সেইদিনা খুব আমনি কৰিছিলো তাইক।

গধূলিলৈ মা দেউতালৈ বৰকৈ মনত পৰিছিল।বিছনাখনতে পৰি থাকোতে কেতিয়া টোপনি গ’লো গমকেই নাপালোঁ।ৰিয়াৰ মাততহে সাৰ
পাইছিলোঁ।

—ব’লা ভাত খাবৰ হ’ল।আজি আমাৰ পার্টী চলিছে নহয় অনুৰাগহঁত আহিছে।আঁহা আক।উঠা না।
—আমাৰ পার্টী নহয় তোমাৰ পার্টী।
—তেনেকৈ কিয় কৈছা নো?দেউতাই জানিলে দুখ কৰিব।
-কৰক!মই ভাত নাখাওঁ তুমি যোৱা।
ৰুমটোক গ্ৰাস কৰি থকা আন্ধাৰখিনিৰ সুযোগ লৈ তাই জোৰকৈ সাবটি ওঁঠত চুমা আঁকি দিছিল আৰু কৈছিল“এইয়া তোমাৰ পার্টী।“
গুৱাহাটী বিশ্ববিদ্যালয়তে ৰিয়াক নামভর্ত্তি কৰোৱাৰ সিদ্ধান্ত হ’ল।ৰিয়া
যাবগৈ হোষ্টেললৈ।বহুত জোৰ কৰা স্বত্বেও ৰিয়াৰ কথা নামানিলোঁ।ঘৰৰ
মাটিখিনিতে বাগান পতাৰ কথা ভাবিলোঁ।ৰিয়াৰ মাকেও সমর্থন দিলে যদিও ৰিয়াৰ
দেউতাকে অলপ অসন্তোষ প্ৰকাশ কৰিলে।ৰিয়া গুৱাহাটী যাবলৈ ওলাল ময়েই লগত ওলালো ৰে’লষ্টেচনলৈ।খোজকাঢ়িয়েই আগবাঢ়িছিলোঁ।ৰিয়াই কৈছিল।বহুতো কথাই কৈছিল।সকলো মোক লৈ।তাইৰ ভালপোৱাক লৈ।ৰে’লত উঠাৰ আগত ৰিয়াই মোক সাবটি লৈ উচুপিছিল।
“তোমাক যেন গোটেই জীৱন এনেদৰেই সাবটি থাকিম।মোৰ বাবে ৰৈ থাকিবা
দিগন্ত।হিয়াখন তোমাক দি গৈছোঁ যতনে ৰাখিবা।“

—মাজে সময়ে ফোন কৰি খবৰ ল’বা ।খবৰ দি থাকিবা।বেছি একো কোৱা নাছিলো।ক’ব পৰা নাছিলোঁ।
ৰিয়াক এৰি ঘৰলৈ উভটোতে আকৌ সেই একেই কথাকে অনুভৱ কৰিছিলো যেতিয়া মা-দেউতাই
মোক এৰি গৈছিল।পিছে ৰিয়াতো পঢ়িবলৈহে গৈছে।

দিনবোৰ ক্রমশঃ নিঃসংগ হৈ
পৰিছিল।ৰিয়াই হোষ্টেলীয়া জীৱন আহৰি পালেই মোলৈ ফোন কৰে। খবৰ লয়।
“তোমাক চুমা খাবলৈ মন গৈছে“—তাইক জোকাওঁ।
“আৰু দুবছৰ ৱেইট কৰা“—তাই হাঁহি হাঁহি কয়।

মাটিখিনিত বাগান লগালো মূলধনৰ গোটেইখিনি ৰিয়াৰ দেউতাকেই বহন
কৰিলে।এনেকৈয়ে পাৰ হৈ গ’ল তিনিটা বছৰ।

সেইদিনা কোনোবা নাৰীয়ে মোক পাছফালৰ পৰা সাবটি লৈ কান্দিছিল আৰু গালে মুখে চুমাৰে
উপচাই দিছিল।মই জানিছিলোঁ।মোৰ অপেক্ষা শেষ হ’ল।ৰিয়া আক ঘুৰি আহিছে মোৰ কাষলৈ।

ৰিয়াৰ দেউতাকে পাছফালৰ পৰা হযতো সকলো দেখি আছিল।তেওঁ কৈ দিছিল
“বিয়াখন এইবাৰ ব’হাগতে পাতি দিব লাগিব।
ৰিয়াই হাঁহি এটি মোৰ ফালে চাইছিল।মই আকাশলৈ চাইছিলো মা দেউতাক বিচাৰি।

No comments: