জীৱন,যৌৱন আৰু অপেক্ষাৰত বৰষুণজাক

_ৱাহ! আজি কিন্তু তোমাক কচম চে তামাম লাগিছে বে।
-হ‘ব হ‘ব।কাৰোবাক ইতিকিং কৰিবলৈ হ‘লে তোমাতকৈ আৰু কোনোৱেই নোৱাৰে।
-এক্সুৱেলী মোৰো তেনে কিবা কুৱালিটী আছে বুলি আজিহে জানিলোঁ।ঠেংকচ্ হা ডার্লিং।
-ইচ্ !কি ক‘লা?মানুহে শুনিলে কি ক‘ব? আচলতে তোমাৰ গাত দোষ নাই।দোষ আছে এই মৰহতীয়া বৰষুণজাকৰ।বৰষুণ দিলে ল‘ৰাবোৰ এনেও

বলিয়া।তাতে তুমি!
-আৰু তোমালোক ছোৱালীবোৰ?নকওঁ আৰু দিয়া।যিহে মোৰ ফটা মূখ!এফালে বৰষুণ আনফালে তুমিজনী কাষত।
-হুঁহ!কণ্ট্ৰল শ্ৰীমান।বৰ বেছি নেদেখাবা।আৰে ছাতিৰ তললৈ আহা।দেৰিয়েই হৈছে।
-দেৰি হোৱা নাই দেখোন।এঘাৰ বজাতহে ৰিজাল্ট নোটিচ মাৰিব।
-নিতিতিবা বুলিছোঁ।লাজ লাগিছে নেকি?আহা আক।
কথাষাৰ কৈয়ে জ্যোতিয়ে প্ৰবালৰ হাতখনত ধৰি টানি আনি একেবাৰে নিজৰ কাষ পোৱালেহি।কথাচহকী হ‘লেও সি ভীষণ লাজকুৰীয়া স্বভাৱৰ।চকুৱে মুখে লাজৰ চাপ স্পষ্টভাবে পৰিলক্ষিত হৈছে।
শাওণৰ দোপালপিটা বৰষুণ।টোপালবোৰে ঠেকা খাই সৃষ্টি কৰা ঝৰঝৰ শব্দ।
গাওঁৰ আলিবাট।জ্যোতিয়ে চেণ্ডলযোৰ এখন হাতত লৈ আনখন হাতেৰে গুলপীয়া ৰঙৰ ছাতিটো মেলি আগবাঢ়িছে।একেটা ছাতিৰ তলতে একেলগে প্ৰবালোঁ গৈ আছে।প্ৰবালৰ গাম্ভীর্য়পূর্ণ মূখখনলৈ জ্যোতিয়ে অপলক নেত্ৰেৰে চায় আৰু প্ৰবালক মৃদু জোকাৰণি এটা দি সহজ কৰি তোলে।

প্রবাল আৰু জ্যোতি ‘ক’ শ্রেণীৰে পৰা একেলগে পঢ়া বাল্যবন্ধু।সেই বন্ধুত্বৰ অন্তৰংগতা ভাবিবনোৱাৰা।যিটো সম্পর্ক প্ৰেম বুলিবলৈকো কিছু আঁসোৱাহ আহি পৰিব।
জ্যোতিয়ে প্ৰবালৰ সতে কটোৱা সময়খিনিত নিজকে এজনী ছোৱালী বুলি পাহৰি যায়।তাতকৈয়ো নিজকে প্ৰবালৰ প্ৰতিটো জনমৰ লগৰীয়া বুলিহে ভাবি বা কল্পনা কৰি ভাল পায়।

আজি সিঁহতৰ উচ্চ মাধ্যমিক দ্বিতীয় বর্ষৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ কথা।সিহঁতৰ পিছপৰা গাওঁখনত আধুনিক প্ৰযুক্তিবিদ্যাৰ কোনোটি সুবিধাই ভালকৈ উপলব্ধ নহয়।দুই-এজনৰ হাতত মোবাইল ফোন আছে যদিও সেইয়া যেন কেৱল প্ৰদর্শনৰ বাবে।প্ৰতিবছৰেই কৃত্ৰিম বানে গাওঁখনৰ অৱস্থা একেবাৰে কাঢ়িল কৰি পেলায়।খেতি বাতিৰ লগতে যোৱাবাৰ সিহঁতৰ গাওঁলৈ প্ৰথমবাৰৰ বাবে অহা বিদ্যুৎ যোগানৰ সংযোগককো একেবাৰে ধ্বংস কৰি পেলাইছিল।
স্কুল-কলেজকে আদি কৰি গাওঁৰ মানুহখিনি অহা যোৱা কৰা একেটি মাত্ৰ কেচা আলি।বাৰিষা কালত এই আলিটোৰ যিহে শোচনীয় অৱস্থা।চৰকাৰ নালাগে কোনো এটা সামাজিক সংস্থাৰো চকুত নপৰে।গাওঁৰ পৰা প্ৰায় আঠ কিলোমিটাৰমান গৈহে সাতত্ৰিছ নং ৰাষ্ট্ৰীয় ঘাইপথ।তাৰ পৰা আক ছয় কিলোমিটাৰ মান বাছত গৈ সিহঁতে পঢ়া কলেজখন পাইগৈ।

“প্ৰতিবাৰেই ইলেকচনৰ সময়ত কিমান কি কি যে এই গাঁৱলীয়া মানুহখিনিক নেতাসকলে ভূৱা প্ৰতিশ্ৰুতিৰে সান্তনা দিয়ে।যদি তাৰ এটাও আজিলৈকে পূৰণ হ‘লহেঁতেন।সি কৰিব নিজৰ গাওঁখনৰ উন্নতি।যিমান কষ্ট হ‘লেও সি পঢ়িবই।পঢ়ি শুনি ডাঙৰ মানুহ হ‘ব।“
“আৰে আজি ৰিজাল্ট দিব। তুমি এনেদৰে থাকিলে মোৰ খুব বেয়া লাগে জানা!আৰে তিতিছা কিয় অলপ ওচৰলৈ আহানা । আজি দেখোন মোলৈ বৰ লাজ কৰিছা!“ প্ৰবালৰ বিষণ্ণতা ভাঙি জ্যোতিয়ে ক‘লে।
-আমাৰ ঘৰৰ অৱস্থা কেনেকুৱা তুমিচোন জানাই !আজি কলেজলৈ আহিবলৈকো ছাতি এটা নাই।এটা ল‘ৰা হৈ গাঁৱৰ মাজেৰে এজনী ছোৱালীৰ লগত একেটা ছাতি লৈ আহিবলৈ বৰ লাজ বুইছা!মই আৰু পঢ়িব নোৱাৰিম চাগে।ৰাজনীতি বিষয়ত মেজৰ লৈ বি এ পাছ কৰিবলৈ খুব ইচ্ছা আছিল জানা!কিন্তু মোৰ পঢ়াৰ নামত এতিয়ালৈকে দেউতাই ঘৰৰ প্রায় সকলোখিনি বন্ধকত দি ৰাখিছেই।এতিয়ানো কি দাল কৰি পঢ়িম??বাদ দিম সকলোঁ।একো নহ‘লে আলফাত যোগদান কৰিমগৈ।চিধা কথা ভাই।দূনীর্তিপ্ৰিয় এচাম নেতাৰ হিটলিষ্ট এখন বনাই এফালৰ পৰা মহতিয়াই আনিম।
-বিকৃত মানসিকতা এসোপা মূৰত সোমোৱাই নল‘বাচোন।ইমান সোনকালেই হাৰি গ‘লে।মই আছোঁ তোমাৰ সতে।দেউতাক কৈ যিমান পাৰো সহায় কৰি যাম।তুমি ল‘ৰা।কিছু পাবলৈ কিছু হেৰুৱাবও লাগিব।তাকে বুলি তেনেকৈ নক‘বা হা প্লীজ।
-হম্! তুমি ইউনিভার্চিটিলৈ যাবা ,নতুন নতুন বন্ধু-বান্ধবী পাবা। মোক ছাগৈ অতি সোনকালেই পাহৰি যাবা ন?মই তোমাৰ জীৱনৰ সিমানলৈকে যোগ্য অ।
-তেনেকৈ নকবা না প্লীজ।
কথাষাৰ কৈয়ে জ্যোতি উচুপি উঠিল।বৰষুণজাক তেতিয়াও এৰা নাছিল।আকৌ কলে তাই।
“মোৰ জীৱনৰ এটা আটাইতকৈ ডাঙৰ সত্য কি জানা? তুমি ছাগে বিশ্বাস কৰিবলৈ টান পাবা।কিন্তু এইয়াই সত্য যে-তোমাৰ অবিহনে মই অসম্ভৱ।“
-জ্যোতি…!

অপলক দৃষ্টিৰে চাই থকা প্ৰবালে জ্যোতিক কেতিয়া সাবটি বুকুৰ মাজত সুমুৱাই ল‘লে নিজেই ক‘ব নোৱাৰিলে।বৰষুণে সুযোগ দিলে।তাৰ দুয়োয়ে মনে মনে যেন বৰষুণক ধন্যবাদ জনালে।
দুয়ো সিহঁতৰ সুখ দুখৰ কথাবোৰ পাতি গাঁৱৰ সিমূৰৰ ৰাজপথ পালেগৈ।তেতিয়াও দোপাল পিতা বৰষুণ ।এতিয়া প্রবালে জ্যোতিৰ কান্ধত হাতখন ৰাখি আগবাঢ়ি গৈ আছে।থিক তেনেতে বতাহে জ্যোতিৰ হাতৰ ছাতিটো উৰুৱাই আলিৰ সিটো মূৰ পোৱালেগৈ ।প্রবালে ছাতিটো আনোগৈ বুলি ৰাস্তাতো পাৰ হ‘ব খোজোতেই এখন কাৰ আহি প্রবালক এটা প্রবল খুন্দা দিলে ।প্রবাল লগে লগেই মাটিত ঢলি পৰিল।জ্যোতিয়ে প্রবাল প্রবাল বুলি চিঞৰি কোলাত লৈ ৰাজপথৰ মাজতেই প্রবালক বুকুত সাবটি লৈ কান্দিবলৈ ধৰিলে।
-প্রবাল এবাৰ চোৱানা মোক, চিন্তা নকৰিবা সকলো থিক হৈ যাব।
জ্যোতিৰ চকুলোখিনি প্রবালৰ বুকুত বাগৰি দেহৰ আঘাটপ্ৰাপ্ত ঘাবোৰৰ পৰা নিৰবিছিন্নভাবে ওলায় অহা তেজৰ লগত মিলি গৈছে।আৰু সেই তেজৰ বৈ যোৱা ঠিকনাক বৰষুণৰ টোপালে নিচিহ্ন কৰি হেৰুৱাই পেলাইছে।
“মা মা- জ্যোতি .মা..!“ এই শব্দকেইটাৰ পাছতে প্রবাল চিৰদিনৰ বাবে নিচ্ছুপ হৈ ৰ‘ল।লাহে লাহে জ্যোতিৰ কোলাতে সি চিৰনিদ্রাত মগ্ন হ’ল।জ্যোতি ইতিমধ্যে কান্দি কান্দি অজ্ঞান হৈ পৰিছিল।জ্যোতিয়ে চকুমেলি দেখে যে প্রবালৰ মাক দেউতাক আৰু তাইৰ মাক দেউতাক কাষতে বহি থকা দেখা পালে।
-পার্টী খাব লাগিব নহয় উঠা উঠা । প্রবাল আৰু তুমি দুয়ো ষ্টাৰ মার্কচ পাইছা-জ্যোতিৰ মাকে ক’লে । প্রবালৰ নামটো শুনা মাত্রকে জ্যোতি চিঞৰি উঠিল।
– নিচিঞৰিবা সি এতিয়া শুইছে, ।আমনি নিদিবা তাক – প্রবালৰ মাকে কান্দি কান্দি ক‘লে।
আজিকালি জ্যোতিয়ে বৰষুণ দিলেই অকলসৰে কাৰোবাৰ লগত একোবাৰ হাঁহি আৰু একোবাৰ কান্দি কান্দি কথা পাতি থাকে।প্ৰবালৰ স্মৃতিক সুঁৱৰিবলৈ তাই অপেক্ষা কৰে বাৰিষাৰ বৰষুণজাকলৈ॥

No comments: