মোৰ মৃত্যু হ‘লে

১)মোৰ মৃত্যু হ'লে
নিশ্চিতভাৱে আইয়ে কান্দি কান্দি আচলখন চকুলোৰে তিয়াব
দেউতাই যিমান পাৰে
বাগৰি অহা চকুপানীবোৰক
একাষৰীয়াকৈ থৈ ক্লান্ত হোৱা আইক সান্তনা দিয়াত ব্যস্ত হ'ব।



২)মানুহবোৰৰ আগত তোমাৰ কান্দিবলৈ ভয় লাগিব,
হয়তো লাজ লাগিব?
কোনেও নুশুনাকৈ তুমি ফেকুৰিবা,
অকলশৰীয়া হ‘বলৈ সুযোগ বিচাৰি বিচাৰি তুমি বাউলিজনী হ‘বা।
অশ্ৰুয়ে আমনি কৰিব তোমাৰ দুগাল
নতুবা সেমেকিব ৰুমাল।


৩)লগৰীয়াহঁতে মোৰ গুণ-গান বখানি সুঁৱৰিব,
চকুলো বাগৰিলেও সিহঁতজাকে কান্দিব নাজানে।
বেদনাসিক্ত এজাক বৰষুণৰ দ্বাৰাই কোনেও নুবুজাকৈ আকাশখনেও দূখ উজাৰিব।
যিমান যি হওক আকাশখনে হেৰুৱাইছে আকাশলৈ চায় আকাশৰ সতে কথা পতা ল‘ৰাজনক।


৪)সময়ৰ নৈখনত চকুলোবাৰ উটি যাব,
দুখবোৰ পাতলিব,
কিন্তু মোৰ মৃত্যু হ‘লে
নিশ্চিতভাৱে তুমি কেতিয়াবা অকলশৰে অজানিতে আৱেগতে
উচুপিবই লাগিব॥

No comments: