হেৰুওৱা পোহৰৰ সন্ধানত


—বাবা ভাত খাই ল’ হি।মই পথাৰলৈ যাওঁ।দাৱনী গৈ পোৱা এপৰ হ’বৰ হ’ল।খঙেই কৰিছে চাগে! 

—হ‘ব।তই সোনকালে যা।দেৰি হ‘বগৈ নহ‘লে। 

—মোৰ দেৰি নহয়।এটা কথা কম কম বুলি ভাবি আছোঁ। —ক’।বিয়াৰ কথাহে নকবি কিন্তু। 

—সেইয়া চা।ক‘বলৈ নাপালোৱেই।তই নিজৰ কথা ভাবিব নালাগে অন্ততঃ এবাৰ এই বুঢ়ী হৈ অহা মাৰৰ কথা ভাব।এই বয়সত ঘৰৰ সকলোখিনি কাম মোৰ দ্বাৰা নহয়গৈ।  

—আগেয়ে কথাটো নকৱ কিয়? 

—যোৱাবাৰ মাঘবিহুত মাহীয়েৰৰ লগত আহিছিল যে ছোৱালীজনী!

—অঁ’ অনামিকা! 

—নামটো মনত থৈছ তেন্তে।মোৰো বৰ ভাল লাগে ছোৱালীজনীক।

 —মই আক নামটোহে কৈছিলোঁ।ভাল লাগে বুলি কোৱা নাছিলোঁ।আচল কথাটো ক’। 

—তোৰ যদি সন্মতি আছে ছোৱালীজনীক এইবাৰেই বোৱাৰী কৰি অনাৰ কথা ভাবিছোঁ।ছোৱালী আৰু ছোৱালীৰ মাক দেউতাকৰ লগত কথা হৈ গ‘ল এতিয়া মাত্ৰ তোৰ কথাহে! 

—ইমানখিনি আগবাঢ়িলিয়ে যেতিয়া মইনো কি ক‘ম।যি ক‘ৰ কৰ।কিন্তু বোৱাৰীহে আনিবি আক মোৰ মাইকী নহয়। —হ‘ব তেন্তে বোৱাৰীকে আনিম। 


কুঁৱলীৰ পাতল আৱৰণ এটিয়ে চৌপাশটো এতিয়াও আৱৰি আছে।অফিচলৈ যোৱাত কিছু পলম হৈছে যদিও আঘোণৰ এই ধূলিয়ৰী পথটোত বাইকেৰে ঘণ্টাত খুব বেছি ২০ৰ পৰা ৩০কিঃমিঃ মানতহে যাব পাৰি।হেলমেটটোক লৈ অজুহাত অনেক গতিকে ক’লা চানগ্লাছখনেই মোৰ বাবে শ্ৰেয়।ধূলি মিশ্ৰিত বহাহজাকে চকুদুটিত স্পর্শ কৰাৰ আগেয়ে ঠেকা দি আঁতৰাই পঠিওৱা ক’লা ৰঙৰ চশমাখনলৈ মনে প্ৰাণে ধন্যবাদ এটা যাচিবৰ মন।চাকৰিটোত জইন কৰা মাত্ৰ চাৰিদিন হৈছে।চাকৰি বুলিব নোৱাৰি।দৰমহাও তেনেই সামান্য যদিও কামটোৰ মাজত ভৱিষ্যত বোলা কিবা এটা দেখা পাইছোঁ।যি নহ’লেই মাক আগৰ দৰে মন মাৰি বহি থকা দেখা নাপাওঁ।দেউতাৰো যেন বহুদিনৰ আশা এটি পূর্ণ হ’ল।ঘৰৰ দুই এটা কামত আজি কালি ব্যস্ত হোৱা যেন লাগিছে। আজি সকলো আছে মোৰ ওচৰত তথাপি কাষত যেন কোনোবা নাই। জীৱনটোক উপভোগ কৰিবলৈ সকলো সুবিধাই উপলব্ধ কিন্তু সময়ৰ অভাৱ।সেই সময় আৰু এই সময় একেই যদিও সেই জীৱন আৰু এই জীৱন সম্পূর্ণ পৃথক অথচ জীৱন একেটাই। 

স্পন্দিতা মোৰ প্ৰেমিকা।মৰম-ভালপোৱা কিমান পাইছিলোঁ সেইয়া সঠিককৈ বর্ণনা কৰিব নোৱাৰোঁ।কিন্তু এটা কথা চকুমুদি স্বীকাৰ কৰিম যে মোৰ জীৱনৰ প্ৰেৰণা,উৎসাহ আৰু সহাৰিৰ অন্য এক স্বৰূপ আছিল স্পন্দিতা।তাইৰ তাগিদাতেই সফলতাই মোৰফালে বেঙা মেলি চাইছিল।অপ্ৰাপ্তি আৰু নিৰাশাখিনি স্পন্দিতাৰ এষাৰ কথাতেই নাইকীয়া হৈছিল। আজি স্পন্দিতা নাই।নাই তাইৰ অভিমান।কিন্তু তাইৰ ভালপোৱা,প্ৰেৰণা সকলো হৃদয়খনত সক্ৰিয় হৈ আছে।হয়তো সেই কাৰণতেই স্পন্দিতাক দিয়া প্ৰতিশ্ৰুতি সুদীর্ঘ সাতবছৰৰ পাছতো আজিলৈকে পালন কৰিব পৰা নাই।স্পন্দিতাই প্ৰতিশ্ৰুতি দিয়া নাছিল মোৰ পৰা লৈছিলহে।তাই কেতিয়াও কৈ নাপালে “তোমাৰ অবিহনে জীয়াই থাকিব নোৱাৰোঁ” বা “তোমাক নাপালেই মৰি থাকিম” বুলি।অৱশ্যে প্ৰেমৰ এই কমন আৰু পেনপেনীয়া ডাইলগ তাই নামাৰিলেও তাইৰ ত্যাগে মোক সকলো চিঞৰি চিঞৰি কৈছিল, “স্পন্দিতা কেৱল তোমাৰ অভিনৱ।কেৱল তোমাৰ।তুমি সৌ আকাশখন আৰু মই সেই আকাশৰ জোনটো যি তুমি ভালপোৱা।যাৰ ওপৰত অভিমান নকৰাকৈ তুমি এদিনো টোপনি যাব নোৱাৰা।জোনটি নহ'লেও আকাশ সদায় আকাশেই।আকাশ নহ‘লে যে জোনটো এটা শূণ্য মাথোঁ।অভিনৱ এই স্পন্দিতা কেৱল তোমাৰ বাবে জীয়াই থাকিব।” 

সপোনেও আওকাণ কৰা এটা বাস্তৱ মোৰ জীৱনৰ সৈতে ঘটি গ‘ল।স্পন্দিতা আঁতৰি গ‘ল মোক নজনোৱাকৈয়ে।ওঁহো,তাই আঁতৰি যোৱা নাই তাইক মইহে হেৰুৱালোঁ।ইশ্বৰে মোক প্ৰতাৰণা কৰি তাইক মোৰ পৰা কাঢ়ি নিলে।ভগৱানক বিশ্বাস নকৰাৰ প্ৰতিশোধহে যেন ল‘লে।কিন্তু স্পন্দিতাইতো?হয়তো ভগৱান স্বার্থপৰ।সেইবাবেই..! স্পন্দিতাই পথ দূর্ঘটনাৰ সুযোগ লৈ মোৰ পৰা আঁতৰি যোৱাৰ দুদিনৰ আগত মোক তাইৰ শপত দি মোৰ পৰা প্ৰতিশ্ৰুতি লৈছিল যে মই ভৱিষ্যতে কোনো কাৰণতে স্পন্দিতাৰ বাবে নাকান্দো।স্পন্দিতা থাকক বা নাথাকক মই বিয়া পাতিবই লাগিব।


আৰু কৈছিল ”মোৰ ভালপোৱাক পাহৰি যোৱা বা নোযোৱা মোক কিন্তু পাহৰি যাব লাগিব।“ কিখন নো বকি আছে এইজনীয়ে?হাঁহি হাঁহি তাইক ভালকৈ বুজাই দিবলৈ কৈছিলোঁ। 

 “মুঠতে তুমি বেলেগ ছোৱালীক ভালপাব লাগিব,বিয়া পাতিব লাগিব।মোতকৈয়ো বেছি মৰম দিব লাগিব।এইয়া যদি কৰা মোৰ বাবে তোমাৰ পৰা বহু ডাঙৰ উপহাৰ বুলি ভাবিম।মোৰ শপত তুমি যেন এই প্ৰতিশ্ৰুতি ৰাখা।

চিৰজীৱন সুখী হ‘ব পাৰিম।”

এইজনীৰ আকৌ কি হ‘ল?ভালকৈ একোৱেই বুজি পোৱা নাছিলোঁ।কলেজলৈ যোৱাত পলম হৈছিল।অগভীৰ হাঁহি হাঁহি সন্মত হৈছিলোঁ তাইৰ কথাত। “হ‘ব হ‘ব ঠিক আছে যোৱা।মোৰ দেৰি হৈছেগৈ।এনেও তোমাৰ দৰে এজনীক বিয়া পাতি মৰিলেহে হ‘ব।”—ধেমালীৰ চলেৰে তাইক কৈছিলোঁ। 

হাতত কাঁচিখন লৈ কুঁৱলীৰ মাজতে তাই ধাননি পথাৰৰ মাজত হেৰাই গৈছিল।মই কলেজ গৈছিলোগৈ। তাইৰ মৃত্যু আৰু বিচ্ছেদৰ যন্ত্ৰণাত মোৰ চিন্তাশক্তিয়েই নোহোৱা হৈ পৰিছিল।


যিদিনা গম পাইছিলোঁ স্পন্দিতাই পথ দূর্ঘটনাত মৃত্যু হ‘লেও সেইয়া তাইৰ আত্মহত্যাৰ প্ৰয়াসৰ পৰিণতিহে আছিল।স্পন্দিতা হেনো কেতিয়াও মা হ‘ব নোৱাৰে কাৰণ সেইটোৱেই একমাত্ৰ। স্পন্দিতাক মনে মনে বেয়া পাইছিলোঁ।সামান্য ঘৃণাও উপজিছিল তাইৰ প্ৰতি।কাৰণ সেইটো নহয় যে মোক এবাৰো নকলে “তাই কেতিয়াও মাক হ‘ব নোৱাৰে", কাৰণ এইটো যে সাধাৰণ এই কথাটোৰ বাবেই তাই মোৰ পৰা আঁতৰি গ‘ল। আজি এই আঘোণৰ কুঁৱলীসনা ধাননিৰ চৌপাশ আৰু একে পাৰপাশ্বিক অৱস্থাটোৱে সোঁৱৰণীৰ সেউতা ফালি সকলো কৈ গ‘ল।যেন মোৰ বাট আগুচি সৌ ধাননি দৰাৰ মাজৰ পৰাই স্পন্দিতাই হাতত ধানৰ মুঠি এটা লৈ মোক ক‘বহি “যোৱা মোক দিয়া প্ৰতিশ্ৰুতি আৰু মোৰ ওচৰত ঋণী হৈ থকা উপহাৰ সোনকালৈ পূর্ণ কৰাগৈ।” “Without love life is zero,after love life is zero, before love life is zero and in love life is double zero” বিশ্বাস কৰক ছবছৰীয়া প্ৰেমৰ ইমানখিনি এক্সপিৰিয়েঞ্চ থকাৰ পাছতো জীৱনত আকৌ প্ৰেমত পৰিবলৈ গৈ আছোঁ।মানে ভাবিছোঁ।অনামিকাৰ প্ৰেমতে পৰি চাওঁ এবাৰ।অৱশ্যে সেই প্ৰেমৰ মাজত স্পন্দিতাক কেতিয়াও নিবিচাৰোঁ।অনামিকাক ভাল পাম স্পন্দিতাক পাহৰি যোৱাকৈ।স্পন্দিতাতকৈ অন্য ধৰণেৰে।অনামিকাৰ পৰা আঁতৰি যোৱা প্ৰেমিকাক নিবিচাৰোঁ।অনামিকাৰ পৰা জীৱনৰ হেৰুওৱা পোহৰখিনিক বিচাৰিম।তাৰ বিনিময়ত অনামিকাক চিৰজীৱন সুখত ৰাখিম।