সপোন ভাঙি দিঠক হ’ব

-তুমি মোক নুবুজিলা প্ৰণয়।

-বুজিবলৈ বাকী নাথাকিল মৌচুমী।

-তোমাৰ মানসিকতা ইমান তললৈ নামিব বুলি ভবা নাছিলোঁ।যাক মই সচাঁ মনেৰে দাদা বুলি ভাবোঁ সেইজনক লৈ তুমি কি কি বকিলা বাৰু মনত আছে?

-মোৰ মানসিকতাক তোমাৰ কিছুমান মিছা কথাই সলনি কৰি পেলাইছে।এদিনৰ চিনাকী দাদা এজনৰ কথা মোৰ পৰা লুকুৱাই ৰখাৰ প্ৰশ্নই নুঠে।

-উফ!ৰাম!তুমিওতো বায়েৰ ভনীয়েৰৰ লগত ঘণ্ট ঘণ্টা ধৰি ৱেইটিং থাকা।

-অ থাকোঁ।কিন্তু তুমি যে কোৱা “কোন ঘৈনীয়েৰ লগত কথা পাতি আছিলা?” সেইদৰে মই মই তোমাক এদিনো নকওঁ।

-সেইয়া অভিমান মাথোঁ।

-অ হয় নেকি?এদিন চিনাকী হৈয়ে ইমান দূৰৰ ল‘ৰা এটাৰ লগ সহজ হ‘ব পাৰানে বুলি সোধাতো কি তেন্তে মোৰ সন্দেহ?এইয়া মোৰ নীচ মানসিকতা?

-তুমি সচাঁকে মোক নুবুজিলা।

-বুজিবলৈ বাকী নাই।

-ফোনত ৱেইটিং পালা বুলিয়েই মই কি অন্য কাৰোবাক ভাল পাওঁ?

-মই কোৱা নাছিলো তেনেকৈ।

-বাদ দিয়া অ প্ৰণয়।মোক যদি ইমানেই সন্দেহ কৰা,মোৰ পৰা যদি ইমানেই আঘাট পাই থাকা তেন্তে প্লীজ আঁতৰি যোৱা।মই অলপো বেয়া নাপাওঁ।

-বচ্ সিমানেই।তোমাকো কৈছোঁ শুনা।মোক যদি বিশ্বাস আৰু গুৰুত্ব দিবই নোৱাৰিলা তেন্তে ময়ো তোমাৰ লগত নাথাকোঁ।গুডবাই।

-গুডবাই।

“খা বাপ্পেকে,মোবাইলটোৱেই অফ কৰি পেলালে।এইবাৰহে তাক মনাবলৈ কষ্ট হ‘ব।”—মৌচুমীয়ে কথাখিনি মনতে ভোৰভূৰালে।

তাইক সময়ে কি দি আহিছে ভাবি নাচায় কিয়? তাইৰ যৌৱনক লৈ কিমানজনৰ বা তাইৰ ওপৰত কুদৃষ্টি?দাদা,ভাইটী আদি দুদিনীয়া সস্তীয়া সমন্ধ এটা লৈ ল’ৰাবোৰে কোনো ছোৱালীৰ লগত মাথোঁ সহজ হ’বলৈ বিচাৰে।আৰু ছোৱালীবোৰ?ল’ৰাৰ সান্নিধ্য ছোৱালীবোৰৰ কামনা।ল’ৰাবোৰৰ কৃত্ৰিম অভ্যাস আৰু কথা বতৰাৰ বলী হৈ বিভিন্ন ঘটনাৰ সন্মুখীন হোৱাটো এক স্বাভাৱিক কথা।কথাবোৰ ভাবিয়েই কেতিয়াবা ভয় লাগে।ছোৱালীবোৰৰ অত্যাধিক কৃত্ৰিম এটিটিউড আৰু ল’ৰাবোৰৰ গতানুগতিক ছোৱালীৰ প্ৰতি থকা দুর্বাৰ দুর্বলতাৰ মানসিকতাকণে গোটেই সমাজখনৰ লগতে শৈক্ষিক দিশটোকো দিনক দিনে তললৈ নমাই আনিছে।কথাবোৰ ভাবিয়েই সি মৌচুমীক বুজায়।কিবা এটা টানকৈ কয় যদিও সেইয়া অধিকাৰ আৰু তাগিদাৰ খাতিৰত।নুবুজে তাই।যুক্তিহীন বাকযুদ্ধ এখন হঠাতে আৰম্ভ হৈ যায়।বিৰক্ত আৰু অতিষ্ট হৈ যিকোনো মানুহে যিকোনো সিদ্ধান্ত ল’ব পাৰে।সিও নিশ্চিত কৰি পেলাইছে যে মৌচুমীৰ কাষলৈ সি আৰু কেতিয়াও উভটি নাযায়।

“প্ৰণয়ে কথাবোৰ নুবুজে কিয়?প্ৰতিটো কথাই ইমান গভীৰভাবে ল‘ব খোজে।তাক লৈ মই কিমান অযুত সপোন দেখিছিলোঁ।পৃথিৱীৰ সকলো ছোৱালীয়েই হয়তো নিবিচাৰে যে নিজৰ জীৱনৰ আটাইতকৈ আপোন বুলি ভবাজনে তাইক সন্দেহ কৰক।বুজি নাপাওক।প্ৰণয়ক ভাল পাই তাই ভুল কৰা নাইতো? নে অনিমেষক দাদা পাতি ভুল কৰিছে? অনিমেষৰ বাবেতো প্ৰণয়ক বাদ দিব নোৱাৰোঁ।আৰু অনিমেষ দা।ইমান সহজ সৰল মানুহজন!তেওঁৰ সতে এবাৰ কথা পতাই দিলেই হয়তো প্ৰণয়ৰ সকলো ধাৰণা সলনি হ’ব।অনিমেষ দা এক ব্যতিক্ৰমী চৰিত্ৰৰ মানুহ।আৰু প্ৰণয় আঁকোৰগোজ।কেনেকৈ বুজাওঁ তাক।মোবাইলটোকেই অন নকৰা হ’ল।কোনোবাখিনিত হয়তো মোৰ ভুল হৈছে।মোৰ যিকোনো সুখ দুখৰ পৰিস্থিতিত প্ৰণয়ৰ হাতখনেই ওচৰত।তেনেস্থলত আজি কিয় সি আঁতৰি গ‘ল?”—কথাবোৰ ভাবি থাকোতেই কলেজলৈ যোৱাত পলম হৈছে তাইৰ।স্কুটীখন লৈ কলেজলৈ যোৱাৰ বাটত তাইৰ বুকুৰ বাঢ়ি অহা লাজখিনি ঢাকি থোৱা উৰুণাখনো অবুজন হৈ পৰে।স্কুটীৰ গতিবেগে সৃষ্টি কৰা কৃত্ৰিম বতাহজাকে তাইৰ বুকুত হেঁচা মাৰি উৰুণাখনৰ স্থায়ীত্ব অস্থায়ী কৰাৰ সুযোগ বিচাৰি ফুৰে আৰু সেয়ে হয়।মৌচুমীয়ে বাৰে বাৰে কৰা চেষ্টাকো আওকাণ কৰি উদং কৰি পেলায় তাইৰ বুকুখন।তিনিআলিৰ দোকানে পোহাৰে ৰৈ থকা কোনোবা এজাক ডেকাৰ কিৰিলিৰ বলি হ’ব নোখোজে।কিমান যে লাজ লাগে তাইৰ!
জীৱনৰ এইয়া ভৱিষ্যৎ গঢ়াৰ সময়।কিন্তু যৌৱনৰ উন্মাদনাই সপোনক ভাল পায়।আৱেগত আশা আৰু কল্পনাবোৰ বলিয়া হৈ পৰে।জীৱনক অন্য প্ৰকাৰে জুমি চোৱাৰ হাবিয়াস বাঢ়ি যায়।প্ৰণয়ক লৈ সদায় ভৱিষ্যতৰ জীৱনটো আৰু সংসাৰখনক এপলক সময়ৰ বাবে হ‘লেও কল্পনা কৰে।আজি তাইৰ কাষত প্ৰণয় নাই।প্ৰণয় আঁতৰি গ’ল।অজুহাতো একেবাৰ নিম্ন। এজন অচিনাকী ল’ৰাক দাদা পাতি লৈছিল তাই।তাইতো আজিও ৰৈ আছে প্ৰণয় উভটি অহালৈ। ছোৱালীবোৰ ল’ৰাবোৰতকৈ যথেষ্টগুণে আত্মসংযমী।আৱেগক অচিনাকী কৰি থ’ব পৰা কৌশলটো যেন কেৱল ছোৱালীৰহে আছে।অৱশ্যে কোনোবাজনক সেই আৱেগক পৰিচয় কৰাই দিয়াৰ পাছত কিন্তু ছোৱালীবোৰ আৱেগ আৰু লাজৰ ক্ষেত্ৰত প্ৰায়ে অবোধ্য।

ইটোৰ পাছত সিটো ক্লাছ।দিনটোৰ সময়বোৰ পাৰ হৈ যায়।কলেজ কেম্পাছ,কমন ৰূম,কেনটিন,অডিটৰিয়াম আদিবোৰত যুৱ প্ৰজন্মৰ উন্মুক্ত মনৰ চিন্তা-ভাৱনাৰ প্রকাশে জীপাল কৰি ৰাখে।মৌচুমীও তাৰে মাজৰ মানুহ।সময়বোৰ পাৰ হৈ যায় এনেকৈয়ে।প্ৰণয়ৰ অবিহনে আজি কলেজৰ সময়খিনিক ব্যস্ততাৰ সুযোগ লৈ পাৰ কৰিব খুজিছে তাই। কলেজৰ পৰা উভটি গৈ ঘৰৰ অকলশৰীয়া সময়খিনি দেখোন সাংঘাটিক আমনিদাযক হৈ পৰিব।যাৰ বাবে প্ৰণয়ক সেইদিনা আঁতৰি যাবলৈ কৈছিল সেইজন মানুহে দেখোন তাইৰ মনৰ বতৰা ল’বলৈ এবাৰো কাষ চাপি অহা নাই। “অনিমেষ দা” প্ৰণয়ৰ ফোন নাম্বাৰ দি আজিলৈকে ৰৈ আছোঁ।অথচ আজিলৈকে প্ৰণয়লৈ ফোন এটা কৰিব পৰা নাই।সচাঁকৈয়ে প্ৰণয়ৰ ভালপোৱাই তাইক সকলো দিব পাৰিছিল।তেনেস্থলত প্ৰণয়ে বেয়া পোৱা কিবা এটা কৰাৰ কোনো প্ৰয়োজন নাছিল।তাই ভুল কৰিছে।প্ৰণয়ক পাবলৈ তাই গোটেই পৃথিৱীখনকে বাদ দিব।তাইক মাথো প্ৰণয়ক লাগে।
প্ৰণয় আজিও তাইৰ বাবে ৰৈ আছে নে?
কলেজৰ ব্যস্ততাখিনি সামৰি তাই ঘৰলৈ উভটিছে।ঘৰৰ নিসংগ সময়খিনিলৈ তাই ভীষণ ভয় কৰে।
যদিও সেইয়া তাইৰ কর্মৰ প্ৰাপ্তি।

বেগটো বিচনাখনতে পেলাই খৰধৰকৈ তাই কাপোৰ সলাবলৈ লয়। টেবুলত পৰি থকা বিয়াৰ নিমন্ত্ৰণী পত্ৰ এখন দেখি তাই ৰৈ গ’ল।

-মা কোনোবাই বিয়া মাতি গৈছে নেকি?

“ৰবি ৰবি মই একো শুনা নাই।”—পাকঘৰৰ পৰা মৌচুমীৰ মাকে কলে।
মৌচুমীয়ে সেইখনৰ কথা বাদ দি দৈনিক বাতৰি কাকতখন তুলি ল’লে।প্ৰথম পৃষ্ঠাতে স্পষ্টকৈ লিখা আছে — “নাৰী দেহ ব্যৱসায়ৰ লগত জড়িত যোৰহাটৰ অনিমেষ বৰা নামৰ যুৱক এজনক গেপ্তাৰ।”

মাকেও পাকঘৰৰ পৰা আহি কৈ গ‘ল।—”প্ৰণয়ৰ ভায়েক আহিছিল।প্ৰণয়ৰ হেনো ব’হাগত বিয়া।নিমন্ত্ৰণী পত্ৰখন সিয়ে দি গৈছে।”