“মানুহবোৰ মানুহ হোৱাহ’লে”

নিজকে জীৱশ্ৰেষ্ঠ প্ৰাণী হিচাপে পৰিচয় দি আমি ভাল পাওঁ।'মানুহ জীৱশ্ৰেষ্ঠ
প্ৰাণী' মানুহৰ আগতে মানুহে চিঞৰে।একেবাৰে অনর্থক কথা।নিজকে শ্ৰেষ্ঠ বুলি
পৰিচয় দিয়াৰ আগতে 'শ্ৰেষ্ঠ' শব্দৰ অর্থৰ হৃদয়াঙ্গম কৰি ল’লে ভাল হয়।
এটা কথা অপ্ৰিয় হ’লেও সত্য যে মানুহ জীৱশ্ৰেষ্ঠ হৈয়ো মানুহ আন সকলোতকৈ
বিশৃংখল যেন লাগে।দয়া,সহানুভূতি,সহায়,একতা, আদি শব্দবোৰ যেন কিতাপৰ


পৃষ্ঠাতে আৱদ্ধ হৈ থকা হৈছে।বাস্তৱ জীৱনত এই শব্দবোৰ বোধগম্যভাবে
সামগ্ৰিক প্ৰয়োগ খুব সেৰেঙা হৈ আহিছে।সকলোতে যেন বৃহৎ স্বার্থ গঢ়ি উঠা
দেখা গৈছে যাৰ পৰিণতিতেই বিভিষিকা,শোষণ,হত্যা-লুণ্ঠন,দু

র্নীতি,অত্যাচাৰ
আদিৰ দৰে অমানুষিক কার্যকলাপসমূহ নিতৌ অৱধাৰিতভাৱে সংঘটিত হ’বলৈ
ধৰিছে।জীৱশ্ৰেষ্ঠ মানুহ সমাজত ইমান বিশংখল,অশান্তি,অনৈতিকতা,অৰা
জকতা আকৌ
কিহৰ? এফালে পৃথিৱী তথা সমাজৰ কেইজনমানে লোকে মহান অসাধ্য প্ৰয়াসেৰে
সমাজৰ বিকাশ,প্ৰগতি আদিৰ উপৰি শান্তি শৃংখলতাৰ ও সমগ বিশ্বৰ হিতার্থে
সমগ্ৰ জীৱনযোৰা কষ্টৰে কাম কৰি আছে তেনেস্থলত আকৌ কিছুমান মানুহ যিবিলাকক
অমানৱীয় দানৱ বুলি ক’লেও বঢ়াই কোৱা নহ’ব ঠিক তেনেকুৱা কিছুমান লোকে
বিভিন্ন মহলাত বিভিন্ন ধৰণেৰে যেনে শোষণ,হত্যা,লুণ্ঠন,ধর্ষণ,ধন
দাবী,ঘোঁচ,দুর্নীতি আদি এনেকুৱা কিছুমান সৃষ্টি তথা সংঘটিত কৰি আছে আৰু
সমাজখনক ক্ৰমশঃ বিশংখল আৰু অশান্তিময় কৰি পেলাইছে।
  সমগ্ৰ মানৱ জাতিৰ উপৰিও সমগ্ৰ বিশ্বৰ কল্যাণৰ হকে কাম কৰি থকা কেইজনৰ
বাবেই আমি নিজকে মানুহ বুলি পৰিচয় দি ভাল পাওঁ।জীৱশ্ৰেষ্ঠ হোৱাৰ
সার্থকতাখিনি হাড়ে-সিমজুৱে উপলব্ধি কৰিবলৈ সক্ষম হৈছোঁ।
সহজ কথা আমি আমাৰ মানসিকতাক যোগাত্মক আৰ সৎ কৰি ল’ব নোৱাৰিলে আমি কেতিয়াও
মানুহ হৈ আগবাঢ়িব নোৱাৰোঁ।
কল্পনা কৰক এখন সমাজ য’ত বাটে-পথে ভিক্ষাৰী চাল-চলন, য’ত কেতিয়াবা বোমা
বিস্ফোৰণৰ ফলত চিঙি ভাঙি জীয়াশৰীৰৰ টুকুৰা,য’ত ৰাইজৰ নির্বাচিত
প্ৰতিনিধিয়ে ৰাজনীতিৰ আঁৰ লৈ উন্নতিৰ নামত গঢ়িছে ব্যক্তিগত বৃহৎ
অট্টালিকা।স্বার্থপৰ হৈ গোপন দুর্নীতি কৰি আর্জিছে আকাশসম ধন -কলাধন,
যিখন সমাজত প্ৰতিদিনাই কাৰোবাৰ ঘৰৰ পৰা ভাহি আহে অত্যাচাৰত জ্বলি মৰা
নাৰীৰ আর্তনাদ কাৰণবোৰ যদি যৌতুক হয় নতুবা পৰিয়ালক ল’ৰাসন্তান দিব
নোৱাৰাৰ বাবে হয় আৰু সেইখন সমাজৰে শিক্ষিত যুৱক এজনে লাখ লাখ টকা ঘোঁচ
দিব নোৱাৰি নিৱনুৱা হৈ ৰয়,সেইখন সমাজতে যদি ধর্ষিতা হয় অপুস্পিতা কণমানি
ছোৱালী, ডাইনী সন্দেহৰ অনর্থক অন্ধবিশ্বাৰ বলি হৈ যদি কোনো নিৰীহ জ্বলি
যায় আৰু যদি সেইখন সমাজতে এচামে টকাৰে মানুহ কিনে অথচ আন এচামে টকাৰ
অভাৱত এক কেজি চাউল কিনাৰ পৰা বঞ্চিত হৈ পেটত গামোছা মাৰিব লগা হয় তেন্তে
ভাৱকচোন ইয়াৰ বাবে দায়ী কোন?
হয় আপোনাৰ মোৰ দৰেই মানুহবোৰ।মানুহ হৈয়ো আমি মানুহ হ’ব পৰা নাই।
মানুহ হিচাপে ভগৱানে আমাক প্ৰয়োজনীয় সকলোখিনি দিছে।কৰি-মেলি খাবলৈ দুখন
হাত,দুটা ভৰি, ভাবিবলৈ বা কিবা এটা শিকিবলৈ আমাক মগজুটোও দিছে মুঠৰ ওপৰত
শাৰীৰিক বিকলাংগসকলক বাদ দি বাকী সকলোকে তেজ-মঙহেৰে পৰিপূর্ণ শৰীটোৰে আমি
জীয়াই থাকিবলৈ কাম কৰিবই লাগিব।নিজৰ ভৰিত নিজেই থিয় দি স্বাৱলম্বী হ’বলৈ
আমি চেষ্ঠা কৰিব লাগিব কিন্তু সক্ষম হৈয়ো অক্ষমতাৰ ভাও জুৰি থকাতকৈ
আত্মহত্যাই শ্ৰেয়।
ধর্মৰ নামত ধর্মভীৰুসকলে বা অন্য আৱেগজনিত কাৰণৰ বশৱর্তী হৈ কিছুমান লোকে
পোনতে সমাজত বৈষম্যৰ কংক্ৰিট জাল এখন গঠাত লাগিছে।মানৱতাৰ চৰম নিদর্শন
ধর্মৰ গাত এতিয়া ধর্মৰক্ষক সকলে নিজ হাতেই কলা ডাগ সানিছে।ধর্মই কাকো
ঘৃণা আৰু ঈর্ষা কৰিবলৈ কোৱা নাই।ধর্মৰ মুখ্য উদ্দেশ্যই হৈছে সমাজখনক এক
বিশ্বাস আৰু নৈতিক আবর্তত ৰাখি সমাজৰ মানুহখিনিৰ জীৱন দর্শন কৰোওৱা।
সভ্যতা,সংস্কৃতি,সাহিত্য,পৰম্
পৰা,লোকবিশ্বাস আদি সমাজৰ বহুতো মূল্যবান
উপাদানসমূহ ধর্মৰ ভিতৰুৱা হৈ আছে কিন্তু সমসাময়িক সময়ত ধর্মৰ ফলতেই
পৰোক্ষ তথা পৰোক্ষভাৱে সমাজত কিছুমান সমস্যা যেনে সামাজিক
বৈষম্য,বিভেদকামী মনোভাৱ,সাম্প্ৰদায়িকতাবাদ,জাতি
বাদ,'ডাইনী
হত্যা,বাল্যবিবাহ আদিৰ দৰে অন্ধবিশ্বাস,সামাজিক সংঘর্ষ আদি গুৰত্বৰ
সমস্যাসমূহ মূৰ দাঙি উঠিছে।
মানৱ সমাজ অৱদমিত হৈছে খুব ক্ষিপতাৰে।সমগ্ৰৰ বিশ্বলৈ বিপন্ন তথা ভাবুকি
কঢ়িয়াই অনা সন্ত্ৰাসবাদীসকলক সদ্যসতে মানুহ বুলি ক’ব নোৱাৰি।ৰক্তপিপাখু
অমানুহ সিহঁত।
মানুহ হোৱাৰ সংজ্ঞা সুকীয়া।মানুহৰ জন্ম ল’লেই আমি মানুহ নহওঁ।“মানুহ
জীৱশ্ৰেষ্ঠ প্ৰাণী” বাক্যশাৰীৰ পক্ষপাতিত্ব কৰিবলৈকে আমি মানুহ হ’বলৈ
চেষ্টা কৰিব লাগে।
সহানুভূতি,আন্তৰিকতা,মৰম-চেনেহ ভাতৃত্ববোধ,ঐক্যতা আদিৰে মানুহবোৰ মানুহ
হৈ সমাজখনৰ পৰা কুসংস্কাৰ,অন্ধবিশ্বাস,বিভেদ-বৈ
ষম্য,দুর্নীতি,হত্যা-লুণ্ঠন,অৰাজকতা
তথা বিভিন্ন অসামাজিক কার্যকলপাসমূহ নির্মূল কৰিব পাৰিলেহে এখন
সুস্থ-সবল,সচেতন আৰু শান্তি-শৃংখলৰ সমাজ গঢ়ি তুলিব পাৰি।
ইয়াৰ বাবে আমি প্ৰতিজন মানুহ সমাজ তথা ৰাষ্ট্ৰৰ এজন দায়বদ্ধ নাগৰিক
হিচাপে সচেতন আৰু সঠিক জ্ঞান-শিক্ষাৰে শিক্ষিত হ’ব লাগিব।বর্তমানত আমি
বিজ্ঞানক মানি চলিবই লাগিব।
নিজকে জীৱশ্ৰেষ্ঠ প্ৰাণী হিচাপে গৌৰৱ কৰিব পৰাকৈ আমি মানুহবোৰ মানু হ’ব লাগিব।

No comments: