অপূর্ণ জীৱনৰ কথাৰে

অবিশ্ৰান্ত বৰষুণজাক ক্ৰমশঃ ক্ষান্ত হ‘ল।বাছখনৰ গতিবেগো কিছু
বাঢ়িল।ডাইভাৰজনে অডিঅ প্লেয়াৰটোৰ ভলিউয়াম সামান্য বঢ়াই কুমাৰ চানুৰ কণ্ঠত
ভাহি অহা জনপ্ৰিয় হিন্দীগীতটোৰ লগতে নিজেও সৰুকৈ গুনগুনাই আছে।

নিশা প্ৰায় ন মান বাজিছে।খিৰিকীৰ কাষেৰে প্ৰচণ্ড বেগত যেন দৌৰিছে ৰাস্তাৰ দাতিত থকা গছৰ শাৰীবোৰ,
মাজে মাজে সুবিশাল আকাশখন দেখা পাওঁ।দুচকুৰে ঢুকি পোৱা দিগন্তলৈকে আকাশখন
মুকলি।জোনটো স্বতঃস্ফুতভাবে জিলিকি আছে, তৰাবোৰো তেনেই মৌন।কিছুসময় আগতেই


ডাৱৰে আৱৰি থকা আকাশখনৰ এই নতুন ৰূপটোৱে সচাঁকৈ হৃদয়খনক এক অপ্ৰাপ্তিৰ
তৃপ্তি দিছেহি।

পূৱা ছয়মান বজাত হয়তো গুৱাহাটী পামগৈ!কাইলে অনিমেষৰ বার্থ দে।গিফট্ টোও
তাতে কিনি ল‘ব লাগিব।এই মৰা মামাটোও যে আৰু! ইমান ডাঙৰ ডিব্ৰুগড় জিলাখনত
মোৰ বাবে ছোৱালী এজনীও নাপালে।পালেগৈ কত? বাংলাদেশতকৈয়ো দূৰত থকা
গুৱাহাটীত।মায়ে ফটাফত ৰাজি।কালি খবৰটো দিবলৈহে পালে আজি পঠালেই বোলে “অনিমেষৰ
জন্মদিনো আছে,আইতাকো চাই আহিবি।তিনিবছৰেই হ‘ল তই তালৈ নোযোৱা।তোক কিন্তু অনামিকাই বহুত বেয়া পাইছে“ ইত্যাদি ইত্যাদি কিমান যে কথা।
আচলতে মোৰ গুৱাহাটীৰ ছোৱালী বুলি কোনো কথা নাই।কিন্তু যেতিয়া বাৰিষা দিনত
এজাক বৰষুণ দিলেই গুৱাহাটীখন ডুবাব তেতিয়াতো শাহুৰ-শহুৰকে ধৰি গোটেইতো পৰিয়াল সাহার্য্য শিবিৰৰ দৰে মোৰ ঘৰতে লঙ্গৰ পেলাবহি।তেতিয়া মজা পাব
মা‘হঁতে।
হেয়াৰফোনডাল কানত লগাই মিউজিক প্লেয়াৰ অন কৰিলোঁ।“জোনাক নিশাৰ গভীৰ আকাশ
জ্বলে তৰা জোন উদাস মনৰ গভীৰতাত তুমিয়েই আপোন।“জুবিনৰ কণ্ঠত গানটো
ভাঁহি আহিল।প্ৰিয়গায়কে গাইছে বাবেই শুনি আছোঁ।গানটো মোৰ লগত অলপো নাইমিলা।
ভালো লগা নাই।জুবিনৰ স্বার্থতে গানটো ডিলিট কৰা নাই।মনটোৱে এই নতুন পৰিস্থিতিটোৰ সৈতে খাপ খাব খোজা নাই।অপূর্ণ হৈ ৰোৱা জীৱনত কাকো আপোন কৰিব নোখোজোঁ।আৱেগ অনুভৱ,আশা,সপোন সকলো এতিয়া পৰিতক্ত।

ডিমৌৰ সমীপত এজোপা ডাঙৰ গছৰ তলত ৰৈ থকা এহাল আদহীয়া বয়সৰ পতী পত্নীৰ সতে
পঁচিশ ছাবিশ বছৰীয়া ছোৱালী এজনীৰ কাষতে বাছখন ৰৈ গ‘ল।
খিৰিকীখন সামান্য মেলি তেওঁলোক পার্যমানে চাবলৈ ধৰিলোঁ।ছোৱালীজনীক
মানুহহালে কিবা বুজাইছে।ছোৱালীজনীয়ে কিবা আপত্তি দর্শাইছে।
তাইৰ দীঘল ছুলিকোছা ফ্ৰণ্ট লাইটৰ পোহৰত বৰ ধুনীয়াকৈ জিলিকিছিল।
কিছুসময়ৰ পাছতে ছোৱালীছনী বাছত উঠিল।লগত কিন্তু সেই আদহীয়া মানুহহালক উঠা
নেদেখিলোঁ।হয়তো মাক-বাপেকেই আছিল।ছোৱালীজনীয়ে হয়তো কান্দিছিল।চকুযুৰি ৰুমালখনেৰে মোহাৰি অহাত
তাৰেই প্ৰমাণ পাইছিলো।
ক‘ৰ বা ছোৱালী?কিয় বা কান্দিছে? ইমান ৰাতিখন নো যায় ক'লৈ? তাতে এজনী গাভৰু ছোৱালী।
সৰুকৈ কিবা এষাৰ কৈছিল।বাছখন চলিবলৈ লোৱাৰ বাবেই মই নুশুনিলো।সংলগ্ন কাষৰ
চিটটোতে তাই বহিল।
জোনাকৰ আকাশতকৈয়ো তাই বেছি ধুনীয়া।ইমান মৌন!তাইৰ অন্তৰত যেন বিষণ্ণ
ক্ৰন্দন।কিবা যেন অব্যক্ত বেদনাই তাইক গ্ৰাস কৰি পেলাইছে।অস্পষ্ট নিৰাশা,
হতাশাৰে পৰিপূর্ণ তাইৰ দুচকু তথাপি কিবা অজান আকর্ষণত তাইলে অপলক
নেত্ৰেৰে চাই তাইক অনুভৱ কৰিছিলোঁ।
তাইৰ প্ৰতি জাগি উঠা অব্যক্ত সহানুভূতি আৰু আন্তৰিকতাই আপোনা আপুনিকৈ
হৃদয়খন কঁপাই তুলিছে।নাজানো মই আজি এজনী অচিনাকী ছোৱালীৰ বিষণ্ণতাক কিয়
সহ্য কৰিব পৰা নাই?
ক‘বলৈ মন গৈছিল “তোমাৰ সমস্ত দুখবোৰ মোক দিয়া,তোমাৰ বাবে সুখ মই আনি
দিম।মোৰ বুকুত সোমাই হাঁহিবলৈ শিকা।মোৰ হৃদয়ত আঁকি দিয়া জীৱনৰ
হেঁপাহ।মোৰ দুবাহুৰ মাজত সোমাই সুৰক্ষিত হোৱা।“
এইয়া মোৰ কিহৰ মহানুভৱ?নে
মই আৱেগিক হৈ পৰিছোঁ?নে মোৰ এইয়া বলিয়ামি?

“কি চাইছে মোলৈ?তেনেকৈ চাবলগানো কি দেখিলে“- সামান্য হাঁহি এটা মাৰি তাই কৈছিল।
“নাই নাই তেনে কোনো কথা নাই,আপুনিওতো মোক চাইছে তাতে কি হ“ল?“ মোৰ
প্ৰত্যুত্তৰত তাই কিছু অপ্ৰস্তুত হোৱা যেন লাগিল।

:মইতো আপোনাক চোৱা নাই।
:তেন্তে মই আপোনাক চাই আছো বুলি কেনেকৈ গম পালে?
“ঠিকেই…চৰী।পিচে আপোনাক কিছু দুখী যেন লাগিল।“তাই আগতীয়াকৈ ক'লে।
:আপুনি দুখী হোৱা বাবেই মই দুখী।
:মই দুখী বুলি আপুনি কিয় ভাবিলে?
:হৃদয় মোৰো আছে।
:আনৰ প্ৰতি ইমান ভাবাবেগ ভাল নহয়।
:সেইয়া নিজৰ কথাহে।চিনাকী অচিনাকী,প্ৰকাশ-অপ্ৰকাশ আদিবোৰৰ ওপৰত ভিত্তি
কৰি আপোন-পৰ নির্ধাৰণ কৰাটো জানো যুক্তি?

:আচৰিত আপুনি।আপোনাক মহান দার্শনিক যেনহে লাগিছে।
তাইক কওঁ যেন লাগিছিল মহান মানুহ এজনক তোমাৰ ফোন নাম্বাৰটো দিয়াত আপত্তি
নাই চাগে?হঠাতে কথা এষাৰ মনত পৰিল“ধুনীয়া বুলিলেই ঘূনীয়া।“নাই নাই ময়ো
ইমান বলিয়া হ‘ব নোখোজোঁ।এইজনীৰ লগত ইমান হলিগলি নকৰাই শ্ৰেয়।কেনেবাকৈ
কিবাখন হৈ যদি পতি যায়।হে কৃষ্ণ কাইলৈ মামাহঁতৰ আগত মুখখন কেনেকৈ দেখুওৱাম?

তথাপি জীৱনত প্ৰথমবাৰৰ বাবে হৃদয়ৰ সৈতে কাৰোবাক ধুনীয়া দেখিছো,আকর্ষিত
হৈছোঁ,ক্ষন্তেক সময়তে জীৱনটো অধিক সুন্দৰ হৈ পৰিছে।মনে মনে কিছুমান কথা কল্পনা কৰি গৈ থাকিলোঁ।

“ঐ উঠ উঠ“ অনিমেষৰ চিঞৰতহে সাৰ পালোঁ।সি আহি অলপ আঁতৰত কাৰখন ৰাখি
থৈছেহি।কেইজনমান মানুহ তেতিয়াও নিজৰ নিজৰ চিটতে শুই আছিল।বাছ আহি ষ্টেচন
পালেহি।হঠাতে মনত পৰিল নিশা একেলগতে বহি অহা ছোৱালীছনীলৈ।তাই নাই।অলপ
ইফাল সিফাল কৰি তাইক চালো।নাপালোঁ।ধেইত নামটোও সুধা নহ‘ল।সপোন দেখা
নাছিলোতো!অনিমেষক একো নকলোঁ।মনতো কিবা এটা হতাশাৰে ভৰি পৰা যেন লাগিল।সপোন
বুলি ভবাৰ বাহিৰে উপায়ো নাই।

মামাৰ পুতেক অনিমেষ।মোৰ সমবয়সৰে।নিদিষ্ট সময়ত নিমন্ত্ৰিত আলহী
অতিথি,বন্ধু-বর্গৰে অনিমেষহঁতৰ ঘৰখন ব্যস্ত হৈ পৰিল।হাতত গীতাৰখন লৈ
অনিমেষৰ প্ৰিয়গীত “মোৰ বাবে তুমি আঁজুৰি নিচিঞিবা তোমাৰ পদূলিৰ ৰজনী
গন্ধা“শীর্ষক গানটো গালো।উপস্থিত ৰাইজৰ পৰা হর্ষধ্বনিৰে জাকে জাকে হাত
চাপৰি উলাই আহিল।কোনোৱে আহি কমেণ্ট দিলেহি-“অৰজিনেল গানটোতকৈয়ো ভাল গালে
কিন্তু“,কোনোৱে চিনাকি হ‘ব খুজিলে।

সেইয়া কি ?কালি সপোনত ধেইত বাছত লগ পোৱা ছোৱালীজনী মামাৰ জীয়েক অনামিকাৰ
হাতত ধৰি মোৰ ফালেই আহি আছে।
কি হৈছে মই ঠিক ধৰিব পৰা নাই।সপোন দেখি থকা নাইতো?

“এই মোৰ সখী সাগৰিকা বৰা আৰু এওঁ মোৰ দাদা অঞ্চুমান কাকতি।“
অনামিকাই চিনাকী কৰাই দিলে।

কিবা এষাৰ ক‘ব খোজোতেই অনিমেষে টানি নি ক‘লে “এইজনীয়েই সেইজনী যিজনী
দেউতাই তোৰ বাবে ঠিক কৰিছে।"

No comments: