মন আকাশৰ চিনাকী জোনাক

“শিৱসাগৰলৈ নকৈ টান্সপাৰ হৈ অহা এই নতুন গাওঁখনত কাম কৰি বহুখিনি ভাল লাগিছে।সহকাৰী শিক্ষক হিচাপে আজিলৈকে তিনিখন জিলা বাগৰিলোঁ।মন নবহিলে বাগৰি থাকিম।টাউনৰ ভাড়াতীয়া কোঠাটিৰ পৰা ভিতৰুৱা এই গাঁওখনৰ এল পি স্কুলখনলৈ প্ৰায় পোন্ধৰ কিলোমিটাৰমান হ’ব।পূৱা যেতিযা ৰুমৰ পৰা স্কুললৈ আহোঁ তেতিয়ালৈ কুঁৱলীৰ পাতল আৱৰণ এটি থাকেই।প্ৰায় এঘাৰ কিলোমিটাৰ পথ অতিক্ৰম কৰিব লাগে বিস্তীর্ণ ধাননি পথাৰবোৰৰ মাজেৰে অহা সৰু গাঁৱলীয়া ৰাস্তাটোৰে।
জাক জাক দাৱনীৰে সোণোৱালী ধাননি পথাৰবোৰ তেতিয়া ভৰি থাকে।স্কুল-কলেজলৈ বুলি ৰাওনা হোৱা বহুতো ল’ৰা-ছোৱালী মোৰ পথত অগা-দেৱা হৈ পাৰ হৈ যায়।টেট পৰীক্ষাত উতীর্ণ নোহোৱা হ’লে এতিয়া ময়ো চাগে এনেকৈ কলেজলৈ যাব লাগিলহেঁতেন।সমবয়সৰ বহুতো ল’ৰা ছোৱালী কাষেৰেই পাৰ হৈ যায়।গাঁওৰ এই মুকলি মনৰ ল’ৰা-ছোৱালীখিনিৰ সৈতে চিনাকী হ’বলৈ দুর্বাৰ হেঁপাহ।কিন্তু এই আহুকলীয়া এটিটিউড বোলা বস্তুটোৰ বাবেই মাতষাৰো মতা নহয়গৈ।সিহঁতেও এদিনো আগবাঢ়ি নাহে।অৱশ্যে সদায়ে দুই এষাৰ কথাৰ সন্মুখীন হওঁ।খুব বেছি তিনিজনী ছোৱালী পাৰ হৈ গ’লেই সিহঁতে কুৱা-কুই কৰে

“ঐ আমাৰ গাঁওলৈ অহা নতুন টেট মাষ্টৰজন”, “বেছি ডাঙৰ মানুহ নহয় ন?”, “ল’ৰাজন বোলে ডিব্ৰুগড়ৰ” “বৰ গোমোঠা দেই”,

কথাবোৰৰ লগতে হাঁহিৰ খিলখিলনিখিনি ময়ো সৰুকৈ হাঁহি এটি মাৰি এৰি আহোঁ।যিমান যি হওক শিক্ষক হ’লেও মোৰ গাত এতিয়া ডেকাৰ তেজখিনি সোমায়ছেহিহে।তথাপি ভিতৰুৱা মানুহটোতকৈ লাজখিনি বেছি সজাগ।
কেতিয়াবা ধান দাবলৈ অহা আদহীয়া বয়সৰ মহিলাসকলে বাটতে লগ পাই প্রায়ে হাঁহি এটি মাৰি “আহিলা?” বুলি কয়।বচ সিমানেই।
নিজ গাঁওখনৰ চিৰসেউজ স্মৃতিয়ে অনবৰতে সেমেকাই থকা মনটোৱে এই গাঁওখনৰ সংস্পর্শলৈ আহি যথেষ্টখিনি সান্তনা পাইছে।চা-চিনাকীৰ মাজেৰে আন্তৰিকতাখিনি গঢ়ি উঠিবলৈ অলপ সময় লাগিবই দিয়কচোন।

“ছাৰ সোমাব পাৰোনে?”—বাইশ তেইছ বছৰীয়া এজনী ছোৱালীৰ মাতত আধালিখা নোটটো সামৰি টেবুলতে থলোঁ।
—হয় আহা।ইয়াতে বহা। চকী এখন আগবঢ়াই দি তাইক বহিবলৈ ক’লো।
—হ’ব ছাৰ।হেড ছাৰ নাই হ’বলা!-চকীখন লাহেকৈ টানি ল’লে যদিও তাই কিন্তু নবহিল।
—অঁ’ ছাৰ কিবা এটা কামত অফিচলৈ গৈছে।কি কথা কোৱাচোন!
—মানে ছাৰ মই ভাইটিক নিব আহিছোঁ।পঞ্চম শ্ৰেণীৰ অনুপ।
—আচ্ছা,অনুপৰ বায়েক তুমি।পিছে কিয় নিব আহিছা? অনিচ্ছা সত্বেও সুধিলোঁ।এইয়া যে মোৰ দায়িত্বৰ ভিতৰুৱা।
—হয় ময়েই অনুপৰ বায়েক।মানে ছাৰ মা আজি আইতাহঁতৰ তালৈ যাব।লগতে ইয়াকো লৈ যাব।
—ভাল বাৰু নিবা।তুমি ইয়াতে অলপ সময় বহাচোন।সিঁহতৰ ইংৰাজী পৰীক্ষাটো দি হ’লেই তুমি লৈ যাবা।
—হ’ব ছাৰ।
কথাষাৰ কৈ তাই চকীখনতে বহি গোটেই অফিচটো চাইছে।মই শ্ৰেণীকক্ষত সোমালোগৈ।ছোৱালীজনীৰ মুখখন হাইলাখ মৌচুমীৰ দৰে।স্পষ্টকৈ মৌচুমীৰ চেহেৰাটোক সুঁৱৰি উভটিছিলোঁ পাঁচবছৰ আগৰ সোঁৱৰণীৰ বুকুলৈ।হয় মৌচুমীক শেষবাৰৰ বাবে লগ পাইছিলোঁ মেট্ৰিকৰ ৰিজাল্ট দিবৰ দিনা।স্কুলত সকলোৱেই মোৰ নাম লৈ তাইক জোকাইছিল।আৰু তাইৰ নাম লৈ মোক জোকাইছিল।”আমুকীয়ে আমুকাক ভাল পায়” এটা জনপ্ৰিয় বাক্য।এটা কথা স্বীকাৰ কৰিবই লাগিব যে তেতিয়াৰ ভালপোৱা পূণাংর্গ প্ৰেম হ’বই নোৱাৰে।মৌচুমীক ভাল লাগিছিল।তাইক ধুনীয়া দেখিছিলোঁ।গতিকে এদিন তাইৰ কিতাপ এখনৰ মাজতে লিখি থৈ আহিছিলোঁ ‘I love you’ বুলি।পাছদিনা তাই কান্দি কান্দি প্ৰধান শিক্ষকত লগাই দিছিলগৈ।পঢ়াৰ ভাল আছিলোঁ বাবেই হয়তো কেৱল কানত ধৰি চাৰিবাৰ উঠ-বহ কৰিছিলোঁ।মৌচুমী তেতিয়া কাষতে আছিল।
তাৰ পাছতেই কথাটো বতাহ বৈ যোৱাৰ দৰে প্ৰচাৰ হ’বলৈ ধৰিলে।স্কুলৰ পৰা গাঁওলৈয়ো কথাটো বাগৰি আহিছিল।মানুহবোৰৰ পৰা মুখ লুকুৱাই ফুৰিছিলোঁ।তাতকৈয়ো ডাঙৰ কথাটো হ’ল এদিনাখন লগৰকেইটাৰ লগত মাত্ৰ দহটকাৰ বাবে চেলেঞ্জ লগাই স্কুল জিৰণিৰ সময়ত মৌচুমীক গালতে চুমা এটা খাই দিছিলোঁ।ফেঁহ পাতি যি কৰিলো তাৰ পাছত যেনিবা সাংঘাটিক লাজ লাগিছিল।
ভালকৈ মাত এষাৰো মাতি পোৱা নাছিলোঁ তাইক।লাজ লাগে।এদিন লগৰজনীৰ মুখেৰে গম পাইছিলোঁ মৌচুমীয়ে হেনো মোলৈ চিঠি এখন লিখি কিতাপৰ মাজত সোমোৱাই থৈছিল।আৰু এতিয়া মাকে চিঠিখন পালে।সাংঘাটিক ভয় লাগিছিল মোৰ।যদি মৌচুমীৰ মাকে আমাৰ ঘৰলৈ আহি মাক লগাই দিয়ে কি হ’ব তেতিয়া?লুইতত জাপ দিবগৈ লাগিব।ভিতৰি ভিতৰি ভগৱানক প্ৰার্থনা জনাইছিলোঁ তেনে একো নহ’বলৈ।মনে মনে দৃঢ় প্ৰতিজ্ঞা কৰি পেলাইছিলো যে মৌচুমীক আৰু কোনোদিনে নামাতো।নাচাওঁ।ক’ৰবাত লগ পালেও নামাতো।
মনে বিচৰামতেই হৈছিল।মেট্ৰিক পাছ কৰি কলেজত ব্যস্ত হৈ পৰিলোঁ।মৌচুমীক বহুদিন দেখা নাছিলোঁ।কথাষাৰ আছে-“চকুৰ আঁতৰ হ’লেই মনৰো আঁতৰ হয়” মোৰ ক্ষেত্ৰত ঠিক তেনেকুৱা হৈছিল।মৌচুমীৰ কথা মনলৈ নহায় হ’ল।এদিন গম পাইছিলো মৌচুমীহঁত হেনো ক’ৰবালৈ গ’লগৈ।কথাটোত বেছি মন নিদিলোঁ।
তথাপি মৌচুমীৰ নামত এতিয়ালৈকে জীৱনৰ আটাইতকৈ ডাঙৰ পাহৰিব নোৱাৰা স্মৃতি এটা জড়িত হৈ আছে।
আজি পুণৰবাৰ এই অচিনাকী ছোৱালীজনীৰ মুখখনিয়ে মৌচুমীৰ স্মৃতিক সোঁৱৰণীৰ মাজৰ পৰা যেন আঁজুৰি আনিলে।
“ছাৰ মোৰ হ’ল।বা ৰৈ আছে।মই যাওঁ নেকি?একডম ডিব্ৰুগড়,ছাৰহঁতৰ তাত যাব লাগিব”—অনুপে কোৱা কথাখিনিত মোৰ তন্ময়তা ভাঙিল।
—ওঁ যাব পাৰা।কিবা এটা সুধিম বুলি ভাবিও একো নক’লো।
“ছাৰ আপুনি থাকক।আমাৰ ঘৰলৈ কেতিয়াবা এপাক মাৰিব।আমাৰ এই আপোনাৰ কথা কৈয়ে থাকে নহয়।”—ভায়েকৰ বেগটো তাই হাতত লৈ বহাৰ পৰা উঠি তাই কথাখিনি ক’লে।
—নিশ্চয়।

সিহঁত দুয়ো গ’লগৈ।অচিনাকী ছোৱালীজনীক লৈ মিছাতে ইমানসোপা ভাৱনা সোমোৱাই লৈছোঁ।ভায়েকে উজুটি খায় পৰিব লৈছিল।কিবা এষাৰ কৈ তাই হাঁহি এটি মাৰি মোলৈ ঘূৰি চাইছিল।
হাতত কলমডাল লৈ আধালিখা অনুভৱৰ নোটটো আকৌ মেলি ল’লো।টেবুলৰ ওপৰত পৰি থকা ভাঁজখোৱা কাগজ এডোখৰ দেখি থমকি ৰ’লো।

“ভাইটিৰ পৰা আপোনাৰ বিষয়ে বহুখিনি জানিলোঁ।সেইদিনা হেডছাৰেও কৈছিল।তুমি বুলিয়েই কওঁ,জীৱনত প্ৰথমবাৰৰ চিঠি এখন লিখিছিলোঁ।যাৰ বাবে মাৰ পৰা ঢকাও খাবলগা হৈছিল।চিঠিখন এতিয়াও সাঁচি ৰাখিছোঁ।লাগে যদি আমাৰ ঘৰলৈ আহিবা।খুব সোনকালে।
ইতি
মৌচুমী।”

সদায় দেখি থকা সপোনতকৈ বিশেষ একো ব্যতিক্ৰম নহয় এইয়া।তথাপি এইয়া যে বাস্তৱ।