সোঁৱৰণীৰ বুকুত এসন্ধ্যা

পশ্চিম আকাশৰ শেষ প্ৰান্তৰ, অস্তগামী বেলিটোৰ বুকুত এখন ভাঁহি অহা প্ৰতিছ্ববিৰ ৰেঙনি।ক্ৰমশঃ মনটো অস্থিৰ হৈ পৰে।জীৱনৰ গতিপথত এইবোৰ কিহৰ খলা-বমা?জীৱনৰ মধুৰ জগলাত বগাই থাকোতে যন্ত্ৰণাৰ উজুটি খোৱাৰ কথা পাহৰিয়েই গৈছিলোঁ।আজি যে আকাশখনেই সকলো ক‘বলৈ ধৰিছে।
আনদিনাৰ দৰে আজিও আকাশখন ব্যতিক্ৰমী নহয়।আগবাঢ়ি যোৱা সন্ধ্যাটিক খন্তেক সময়ৰ পাছতে আন্ধাৰে কাঢ়ি ল‘ব।স্মৃতিবোৰৰ দৰে সময়খিনিকো ৰাখি থ‘ব পৰা হ‘লে ভালেই আছিল।একো নহ‘লেও হেঙুলীয়া বেলিটিৰ বুকুত সজীৱ হৈ ভাঁহি অহা স্পন্দিতাৰ ছবিখনকে দুচকুয়ে হেঁপাহ পলুৱাই উপভোগ কৰিলেহেঁতেন।


মই বাৰু স্পন্দিতাৰ প্ৰেমত ইমান বলিয়া কেতিয়াৰ পৰা হ‘লো? মোৰ দৰেই স্পন্দিতাৰো একেই অৱস্থা নে ? আৱেগে আত্মসংযমক বশ কৰি পেলাইছে।
স্পন্দিতাৰ এসোপা স্মৃতিক লৈ মনটো আকৌ উৰা মাৰে সোঁৱৰণীৰ পাৰ ভঙা নদীখনৰ উপকূললৈ।য‘ত বিস্তীর্ণ বালিত আজিও অঁকা আছে স্পন্দিতাৰ সৈতে কটোৱা দিনবোৰ।

তলসৰা শেৱালিৰ একাজলি ফুল বুটলি আচলত বান্ধি ল‘বলৈ চেষ্টা চলাইছে যদিও ফুলৰ কিছুমান পাহি খহি পৰিছে যেন স্পন্দিতাক আমনিহে কৰিছে।খঙতে তাইৰ গালদুখন ৰঙা পৰি গৈছিল।খহি পৰা শেৱালিৰ পাহিবোৰ এটি-এটিকৈ বুটলিছে।পাহিটিলৈ এবাৰ চায় আৰু কিবা এষাৰ গালি দি আকৌ ভৰাই থৈছে।বাৰাণ্ডাৰ পৰাই তাইক চাই আছিলো।ওলাব খোজা হাঁহিটোক কোনোমতেই বাধা দিব নোৱাৰিলো।ধৰি ৰাখিব পৰা হ‘লে অশপ সময় তেনেকৈয়ে তাইক চাই থাকিব পাৰিলোহেঁতেন।মোৰেই দূভাগ্য।
—ওৱাও!ৰাজকুমাৰীয়ে আজি মোৰ চোতালত দূৱৰী গচকি মই ৰোৱা শেৱালিৰ সৰি পৰা ফুল বুটলিছে।
—কাৰোবাক অপমান কৰা এনেকুৱা কথাবোৰক যদি কবিতা বুলি ভাবিছ তেন্তে এইবোৰ কবিতা তোৰ ভনীয়েৰকে শুনাবি।এই ফুলবোৰৰ দৰে তোকো ভৰাই লৈ মালা গাঠি পেলাম গম পাবি বাপ্পেকে।
মুখখন ৰামধেনুৰ আধাখিনি যেন বেকা কৰি প্ৰচণ্ড খঙেৰে কেৰাহিকৈ মোলৈ চায় ঘৰলৈ উভটি গৈছিল।স্পন্দিতাৰ খং মোৰ ৰং।লগ পালেই খং উঠোৱাবলৈ সুযোগ বিচাৰি ফুৰো।
আই ঐ দেহি এইজনী কেতিয়াৰ পৰা ইমান ৰচকী হ‘ল? বুকুত পোত খাই থকা লাজখিনিতকৈয়ো অভিমানবোৰ বেছি উন্মাদ হৈ থাকে চাগে!আজিৰ পৰা তিনিবছৰ আগতে এইজনী ছোৱালীৰ লগতে একেটা ছাতিৰ তলতে স্কুললৈ গৈছিলো।চুম্পি,জ্যোতি,দিগন্ত,স্পন্দিতাৰ সৈতে মই যেতিয়া ওমলিছিলো তেতিয়া স্পন্দিতা মোৰ পত্নী হৈছিল।যি কি নহওক ওমলাৰ ছলেৰে হ‘লেও স্পন্দিতাৰ লগত সংসাৰৰ এপলক কটাইছোঁ।অবুজ হৃদয়ক সান্তনা দিবলৈকে হৈছে। সময় বাগৰিল।নাচোৰবান্দা জীৱন সময়ৰ গোলামি কৰি যায় মাথোঁ।আশাবোৰে বেঙা মেলি চায় ৰয় ভৱিষ্যতৰ অচিনাকী দিনলৈ।আৱেগে বিষাদৰ জোৱাৰ তোলে চিনাকী দিনবোৰক লৈ।বর্তমান ব্যস্ত হৈ পৰে সোঁৱৰণীৰ বুকুত সন্ধ্যা কটাই নিশাবোৰত কল্পনাৰ অবান্তৰ সপোন গঢ়াত।
সময়ৰ সোঁতত সকলোৰে জীৱন উটি যাব খুজিছে।আজিকালি কোনেও নাহে ওমলিবলৈ।স্পন্দিতাও নাহে।চোতালৰ বকুলজোপাৰ তলখন উকা হৈয়ে ৰয়।স্পন্দিতা গাভৰু হ‘ল।মোলৈয়ো লাজ কৰে আজিকালি।
অৱশ্যে অলপ আঁতৰত ৰৈ থকা কৃষ্ণচুড়াজোপাৰ তললৈ আবেলি সদায় আহে।নাজানো কিয় তাইৰ সানিধ্য সদায় কামনা কৰোঁ।হয়তো তাইয়ো!স্পন্দিতাৰ চঞ্চলতা দিনক দিনে গভীৰ হৈ আহিছিল।ওঁঠদুটিৰ ফাকেৰে খুব সেৰেঙাকৈ শব্দবোৰ পাৰ হ‘বলৈ লৈছে।

—কলেজ নপঢ়ি কি কৰিম বুলি ভাবিছ?নে কবিতা লিখি লিখি বন্ধাকবি হৈয়ে থাকিবি?
—ব্যৱসায় কৰিম।টিউচনো অন্য এটা বিকল্প ।চাকৰি পাবলৈ যোগ্যতাও নাই ক্ষমতাও নাই।কবিতা তোৰ দৰেই ।ইয়াক বাদ দিব নোৱাৰো।
—তোৰ কথাবোৰ একোকে বুজি নাপাওঁ মই।অহা বুধবাৰৰ পৰা মই কলেজলৈ যাম।
এনেকৈয়ে সন্ধ্যাটিৰ লগতে স্পন্দিতাকো এদিনলৈ বিদায় জনায় উভটি আহোঁ।

স্পন্দিতা কলেজৰ পৰা আহি পাবৰ হয়।ৰাস্তাৰ দাতিলৈ ওলায় যাওঁ।গোটেইজনী ভাগৰি-জুমুৰি আহি যেতিয়া কাষ পাইহি তাইক শুনোৱাৰ চলেৰেই মোবাইলটোত ফুল ভলিয়ামত ৰোমাণ্টিক হিন্দী গান এটা বজাই দিওঁ।ভাবোঁ গানটো শুনি মোৰ বাবে কিবা এটা জাগি উঠেই নেকি?
পৰিস্থিতি সিপুৰীলৈহে ঢাল খাই।প্ৰচণ্ড খঙেৰে মোৰ ফালে চাই কয় “এইদাল অলপ লাহেকৈ বজাবি নহ‘লে কানত হেয়াৰফোনদাল লগাই শুনিবিচোন।লোকৰ মূৰ কিয় গৰম কৰি থাক? বাৰশটকীয়া এই চাইনিজ মোবাইলটো লৈ লেবেল দেখোৱাবলৈকে কলেজ নপঢ়ি বেপাৰ কৰিলি নেকি?“
মুখেৰে একো নামাতো।ভয়তে চিৰিয়াছ হৃদয়খন চেদেলি ভেদেলি হৈ যায়।

এইমাত্র বাহলৈ উভটি যোৱা চৰাইজাকৰ হো-হোৱনিত আকৌ ঘূৰি আহোঁ সন্ধ্যটিৰ বাস্তৱলৈ।
মনটোৱে মৌনতাৰ পাৰ ভাঙি কৈ য়ায়
“ঐ হেৰাব খোজা বেলিটিলৈ চায় কি ট্ৰেজেদি ফালি থাক বে?
এইয়া তোৰ যৌৱনে আমনি কৰাৰ সময়, হিয়া দিয়া নিয়া খেলিবৰ হ‘ল।
বাপেৰে দেখোন মাৰাক ঘৰৰ চোতালৰ পৰা চুচৰাই আনিছিল।তই চাল্লা কি কৰি আছ? এঘাৰ বছৰে হলি গলি কৰি থকা স্পন্দিতাক ভাল পাওঁ বুলি ক‘ব নোৱাৰিছ?
চাবি এনেকৈয়ে এদিন তোৰ মূৰৰ চুলি পকিবগৈ।“
কথাটো নোহোৱাও নহয়।ইমানদিনে মোৰ মনৰ কথা স্পন্দিতাই এবাৰলে হ‘লেই গম পাইছে।স্পন্দিতাও মোক ভাল পায় চাগে নহ‘লেনো মোৰ সামান্য কিবা এটা হ‘লেও উধাতু খাই আহি কাষ পায়হি নে।মুখেৰে ক‘লেহে ভালপোৱাৰ প্ৰমান পাব পাৰি নেকি? আচলতে স্পন্দিতাই বি এ পঢ়িবলৈ গুৱাহাটীলৈ যোৱাৰ পৰা নিজকে ভয়াবহ নিসংগতাৰ মাজতে আৱিস্কাৰ কৰি পেলাইছোঁ।ইমানদিনে জীৱনৰ সৌন্দর্য্যতাক উপভোগ কৰি আছিলোঁ।স্পন্দিতাৰ অবিহনে জীৱন কটোৱাৰ কথা ভবা হোৱাই নাছিল।নীৰবতাৰ সুযোগতেই জীৱনটোক এবাৰ জুকিয়াই চোৱাৰ সুযোগ এতিয়াহে পাইছোঁ।ভৱিষ্যতৰ পাছে পাছে দৌৰি ফুৰোতে যান্ত্রিক জগতখনৰ ভিতৰতে আৱদ্ধ হৈ কি পাইছোঁ, কি হেৰুৱাইছো আদিবোৰ সময়ৰ তুলাচনীত জুখি চাবলৈ সময়ে বা ক‘ত আছিল? নীৰৱতাখিনিকেই মোৰ একমাত্ৰ কামনা আৰু সংগী কৰি লৈছোঁ।
মইতো পুৰুষ!মতা মানুহৰ ইমান ভয় আৰু লাজ কিহৰ? কাইলৈ স্পন্দিতা ঘৰলৈ আহিব।অলপ সময় আগতে মোলৈ মেছেজ দিছিল।কাইলৈ দেখা যাব।এহ! আন্ধাৰেই হ‘লগৈ।যাওঁগৈ আৰু।

“বিদয় সন্ধ্যা!হে প্ৰভু কাইলৈ স্পন্দিতাৰ আগত হৃদয়ৰ সাঁচতীয়া কথাখিনি ক‘বলৈ অকনমান সাহস দিব অন্যথা স্পন্দিতা এদিন মোৰ বাবে মাথো সোঁৱৰণী হৈয়ে থাকিবগৈ।সেই আকাশ এআকাশ প্ৰেমক এসাগৰ চকুলো হ‘বলৈ নিদিবা।তোমাৰেই এমুঠি জোনাক চিঙি আনি স্পন্দিতাক কাইলৈ উপহাৰ দিম।"
মুখত আপোনা-আপুনিকৈ ওলায় আহিছে-
"জোনাকে কানে কানে আহি ক’লে তুমি মোৰ মাথো মোৰ।"

No comments: