হৃদয়ৰ অবিহনে

‘পাঁচ বাজি দহ মিনিট গৈছে‘ ম‘বাইলৰ বুটাম এটাত আঙুলিৰে লাহেকৈ হেচুকি পাপৰিয়ে সময়টো চালে।বাছখনৰ লেহেমীয়া গতিত পাপৰিৰ মনটো অতিষ্ট হৈ পৰিছে।
“অলপ সোনকালে ঘৰ পোৱাগৈ হ‘লে ভাল আছিল নহ‘লে মাৰ গালিসোপাই যে মূৰটো গৰম কৰি পেলাব।“ বাছখনৰ হেন্দোলিত জোকাৰণিৰ মাজতে পাপৰিয়ে কথাবোৰ ভাৱে।
ইউনিভাৰচিটিৰ হোষ্টেলৰ পৰা পাপাৰিহঁতৰ

গাঁওখনলৈ এদিনৰ বাট বুলিব লাগিব।সদসতে কথাষাৰ সচাঁ নহয় যদিও গাঁওখনলৈ সোমোৱা ৰাস্তা পদূলিবোৰ অতি শোচনীয় আৰু দুর্গম।যাতায়ত ব্যৱস্থাৰ নামত দুই এখন অট আৰু তাৰ মাজতে দিনটোত মাত্ৰ এবাৰ অহা যোৱা কৰা সেই তাহানিৰে বাছ এখন।পূৱা সাত বজাতে বাছখন চহৰলৈ আহি আবেলি দুইমান বজাত গাঁওলৈ উভটে।বচ্ সিমানেই।অৱশ্যে ইলেকচনৰ সময়ত তাহাঁতৰ গাঁৱলৈ কিছুমান গাড়ী মটৰৰ আহ যাহ বাঢ়ি যায়।মন্ত্ৰী, এম এল এৰ গাড়ী।
এই বিশাল বনলেণ্ড চাহ বাগিছাখন অতিক্ৰম কৰিলেই পাপৰিহঁতৰ সেউজপুৰ গাঁওখন।
ডুব যাব খোজা বেলিটিৰ সতে বাছখনো লেহেমীয়া গতিৰে আগবাঢ়িছে।আকাশৰ কোনোবা এটা দিশে কেইজাকমান অচিনাকী চৰাই হুৰহুৰাই পাৰ হৈ গ‘ল।খলা বমা ৰাস্তাটোৰ হেন্দোলনিত পাপৰিৰ গাটো ক্ৰমশঃ ক্লান্ত হৈ পৰিছে।কিছু উৎসুকতা আৰু কিছু হেঁপাহে পাপৰিৰ মনটো অনবৰতে জীপাল কৰি ৰাখিছে যদিও কিবা এটা কথাই বাৰে বাৰে তাইৰ মানসপটত আহি আমনি কৰিছেহি।
আচম্বিতে আমনি কৰা এটা স্মৃতি।কোনোমতেই সক্রিয় হ‘বলৈ সুযোগ নাইদিয়া তাই।

খিৰিকীৰ কাষতে বহি তাই আদিগন্তলৈ চাই পথালে।আঘোণৰ আকাশ তেনেই মুকলি।পথাৰৰ ব্যস্ততাৰ এখন ছবি তাইৰ দুচকুত স্পষ্টকৈ ভাহি আহিল।পথাৰত যেন জাক জাক দাৱনীৰ উল্লাসৰ চিঞৰ।সোণোৱালী পকা ধানবোৰক এফালৰ পৰা দাই বিস্তীর্ণ নৰাণিলৈ ৰূপান্তৰিত কৰি যেন তেওঁলোকে ঘৰলৈ উভটিছে।কান্ধত বিৰিয়াদাল লৈ পথাৰলৈ আগমন ঘটিছে কেইজনমান পাহুৱাল ডেকাৰ।পাছে পাছে কেইটিমান সৰুল‘ৰা।জেৰুৱাখুটিৰ মূৰত একোটাকৈ ধানৰ মুঠি।
কথাবোৰ তাই স্পষ্টকৈ সজাব পৰা নাই।সিহতঁৰ সেউজপুৰতো ছাগে এতিয়া সেই একেই পৰিবেশে বিৰাজিত।
তিনিবছৰেই হ‘ল গাঁৱৰ পৰা পঢ়িবলৈ যোৱা।সময়ক পাহৰিবলৈ সময়ৰ সতে যাত্ৰা আৰম্ভ কৰিছিল।কিছু সফলো হৈছিল তাই।ইচ্ছা কৰিয়েই সকলোৰে পৰা আঁতৰি কলেজীয়া জীৱনৰ সতে তাই সাঙোৰ খাই পৰিছিল।ব্যস্ততাই সকলোৰ পৰা আঁতৰাই আনিলেও এটা কথা তাই সদায় স্বীকাৰ কৰিব যে সেই সময়,সেই জীৱন,সেই অতীত,সেই প্ৰেম,সেই বিদায় তাই কোনোদিনাই পাহৰিব পৰা নাই।নিবিচাৰেও।সুঁৱৰিবলৈ ভাল পায়।সেই স্মৃতিৰ নামত অৱধাৰিত এটোপাল চকুলোক ববলৈ দিয়াতো যেন তাইৰ নিত্যকর্ম।

বাছখন এটা সময়ত ৰৈ গ‘ল।নিদিষ্ট ভাড়া আদায় কৰি তাই সুদীর্ঘ তিনিবছৰৰ পাছত নিজৰ গাঁওখনত ভৰি পেলাইছে।সন্ধ্যা নামি আহিছে।কুঁৱলীৰ আৱৰণ এটাই তাইৰ বাট আগুচি ধৰোঁ ধৰোঁ।এই তিনিআলিটোৰ পৰা অলপ গৈয়ে পাপৰিহঁতৰ ঘৰখন।
আন্ধাৰ যদিও তাই ঠাইডোখৰ ঠিকেই ধৰিব পাৰিছে।বুকুলজোপা কিছু শকত হৈছে।কিছু ওখও।কেইটিমান চৰাই উৰি গ‘ল।হয়তো বাদুলি।তাইৰ সমগ্ৰ শৰীৰটোৰ মাজেৰে বৈদ্যুতিক গতিৰে শিহৰণ এটি পাৰ হৈ গৈছে।
এইখিনি ঠাইতে আজিৰ পৰা তিনিবছৰ আগতে প্ৰণয়ৰ সৱদেহক কবৰ দিয়া হৈছিল।মৰিশালীটোৰ ওপৰত ৰুই দিয়া কলপুলিটোৱে নিজকে প্ৰসাৰি এতিয়া নিজৰ লগতে দুই এটা পুলিও সাঙুৰি লৈছে।

এখোজ দুখোজকৈ লাহেকৈ তাই আগবাঢ়িছে।গহীন ঠাইডোখৰ পৰা টু শব্দ এটাও বাহিৰ হোৱা নাই।সচৰাচৰ গাঁৱৰ মানুহবোৰ এইফালে অহা যোৱা নকৰেই।উৰিফুৰা এটি জোনাকী পৰুৱাৰ শিথিল স্পর্শতো তাই জিকাৰ খাই উঠিছে।পাপৰিৰ মানসপটত ক্ৰমশঃ সকলো স্মৃতি জলজল পটপটকৈ সক্ৰিয় হ‘বলৈ লৈছে।
“ভুলতো নাচাবা তুমি
নামাৰিবা মিঠা হাঁহি।
নালাগে তোমাৰ মৰমকে,
নালাগে তোমাৰ প্ৰেৰণাকে
থাকিম অকলে অকলে..!“-জুবিনে গোৱাৰ দৰে ইমানে সহজতে যদি তোমাক পাহৰি যাব পাৰিলোহেঁতেন! মোৰ দুচকুলৈ চায় লাজকুৰীয়া হাঁহি এটি মাৰিবলৈ তোমাৰ অস্তিত্বই বা ক‘ত?সৌ আকাশত নহয়জানো!কিন্তু ক‘তা,আকাশে আজিলৈকে মোৰ ওপৰত কোনো দয়া বা সহানুভূতি দেখুওৱা মনত নাই।
কি ভাৱি আঁতৰি গ‘লা?ভাবিছিলা নেকি যে তোমাৰ মৃত্যুয়ে মোক সুখেৰে জীয়াই থাকিবলৈ প্ৰেৰণা দিব?ওঁহো!ভুল ভাবিলা তুমি প্ৰণয়।ইমান অভিমান ভাল নাছিল।মই কৈছিলোঁ।তুমি নুবুজিলা।আচল কথা ক‘বলৈ গ‘লে তুমি মোৰ পৰা আৰু এই জীৱনৰ পৰা কেনেকৈ হাত সাৰিব পাৰি তাৰ সুযোগ বিচাৰি আছিলা হয়তো সেই সুযোগ পাই গ‘লা।তোমাৰ গাত বৰ আইয়ে দেখা দিলে।এটা শুক্ৰামক ৰোগৰ চিকিৎসা কেৱল ধর্মীয় বিশ্বাস আৰু কিছুমান নাতি-নিয়মৰ মাজতেই কিয় সীমাবদ্ধ ৰাখিবলগা হ‘ল??ব্যাপক বৈজ্ঞানিক প্রযুক্তিবিদ্যা আৰু চিকিৎসা বিজ্ঞানৰ অত্যাধুনিক যুগতো তোমাৰ উপযুক্ত চিকিৎসা কিয় নহ‘ল?? বিশ্বায়নে মানুহবোৰৰ মন কিয় ঠেক কৰি পেলাইছে?
অন্ধবিশ্বাসী সমাজ আৰু পংকিল সময়েও তোমাক মোৰ পৰা আঁতৰাই নিয়াত সহায় কৰিলে।
ঠিকেই কৈছিলা এদিন “মোৰ যেতিয়া মৃত্যু হ‘ব তেতিয়া মই তেজৰঙী চোলা পিন্ধিম আৰু সৌ আকাশৰ কোনোবা এটি তৰা হৈ জোনৰ সতে ওমলিম আৰু তেতিয়া মোৰ যদি ভাগৰ লাগে তেতিয়া তুমি দুচকুৰ ভেটা ভাঙি চকুলোৰে মোৰ তৃষ্ণা আঁতৰাবা।“
মই হাঁহিছিলো তোমাৰ বলিয়া কবিতা পঢ়ি।নিশালৈ কবিতাটি মনত পৰি গাটো জিকাৰ খাই উঠিছিল।কিজানিবা তুমি কোৱাৰ দৰে(তোমাৰ কবিতাৰ দৰে)ই কথাবোৰ হয়।পৃথিৱীত ভগৱান থকাৰ প্ৰমাণ পোৱা নাই।ভগৱানক বিশ্বাস কৰিছিলো যদিও সেইজন যেন কেৱল আকাশতহে বিচৰণ কৰে তাকে ভাবি লৈছিলোঁ।বাহৰিলৈ ওলায় আহি আকাশখনকে প্ৰার্থনা জনাইছিলোঁ “কোনোবাখিনিত যদি কিবা হ‘বই লগা আছে তেন্তে সেইয়া মোৰ সতে হওক।মোৰ সোণৰ জীৱনলৈ যেন তেনে কোনো ধুমুহা নাহক“ ভগৱানে হয়তো বুজি নাপালে।তাৰ পৰিণতিতেই আজি তুমি সৌ আকাশৰ কোনোবাখিনিত।ইমান তৰাৰ মাজত তোমাক বিচাৰিবলৈ বৰ কষ্ট হৈছে অ সোণ।তুমি তৰা নহৈ জোন হোৱাহ‘লেই ভাল আছিল।

“মোৰ জীৱন অপূর্ণ হৈ ৰ‘ল।যৌৱন অতৃপ্ত হ‘ল।আশাবোৰ তুমি কাঢ়ি নিলা।ভালপাইছিলা যে তাৰ ডাঙৰ প্ৰতিদান দি গ‘লা।এসোপা স্মৃতি যাক নিবিচাৰিলেও যিকোনো সময়তে বিষাদ হৈ আৱৰেহি।হৃদয় এখন মোৰো আছিল জানা কিন্তু তোমাৰ ছাগে হৃদয় নাছিল।হৃদয়ৰ অবিহনে মোক ভালপোৱাৰ সংজ্ঞা শিকাইছিলা?জীয়াই থকাৰ প্ৰেৰণা দি আশাবোৰ বৃদ্ধি কৰিছিলা।ভূৱা প্ৰতিশ্ৰুতিৰে মোক সান্তনা যাচিছিলা।ওহোঁ!তোমাৰ হৃদয় নাছিল।

No comments: