এই জীৱন আস্বাদন

—ঐ কি খবৰ?
—কোন হয়নো? চিনি পোৱা নাই যে;
—হ'ব তেন্তে থ'।দুবছৰতে মাতষাৰো পাহৰিলি।মই ৰেনু।
—অ' তইহে।মই বুলো,মোৰ কঁপাল ফুলিল আৰু।ছোৱালীৰ মাত।
—মোক কোনটো এংগেলৰ পৰা মতা যেন লাগে? তই যে তেনেকৈ কৈছ!
—উফ্ তয়ো ছোৱালীয়েই।কিন্তু তোক পতাব নোৱাৰি ন'!
—কিয় ইমান ছোৱালীৰ ভোকাতুৰ হৈ আছ নে?


—তই নুবুজিবি।টাউনত থকাৰ দুবছৰ হৈছেহে, ইমান প্ৰেকটিক্যেল হৈ পৰিছ।
—আৰু তই গাঁৱতে সোমাই থাকি সপোন দেখি থাক।
—ওঁ।ইয়াত সপোন দেখি ভাল লাগে।গুৱাহাটীৰ দৰে ধূলিসোপা মূৰত সোমাই নাথাকে যে!
—হ'ব হ'ব।ইয়াত আছোঁ যদিও তহঁতলৈ খুব মনত পৰে অ'।বিশেষকৈ তোলৈ মনত পৰে।মানুহবোৰে ধান দাবলৈ লৈছে ন'?বৰ মিছ কৰিছোঁ পাই।বৰ ব্যস্ত আছ চাগে!খেতিয়কৰ পুতেক তো!
—হ'লেও তহঁতে পঢ়িছগৈ।ডাঙৰ মানুহ হবি।সময়ত আমাক পাট্টাই নিদিয়া হবিগৈ ।
—দেখিবি নহয় সময়ত।তোৰ নাম্বাৰটো প্ৰহেলিকাৰ পৰা ল'লো।ল'ৰা ডেকা হলিগৈ আৰু।বিয়াৰ কথা কি ভাবিছ?
—আগেয়ে তই বিয়া সোমায় ল'।বুঢ়ী হ'বিগৈ নহ'লে।
—উদ্ধাৰ কৰিবলৈ তই আছই দেচোন।
—হ'ব দে।গধূলিকৈ পাতিম।পথাৰৰ পৰা আহোঁ।
—ঠিক আছে।

"বেচেৰাটো! ব্যস্ততাই বেঙা মেলি ৰৈ আছে বেঙাটোলৈ।সময়ৰ নিঃকিন গোলাম সি।
বহুত সলনি হ'ল সি।বিশেষকৈ তাৰ মাত কথাবোৰ! মোৰ মাতষাৰ সচাঁকৈয়ে চিনি নাপাইছিল নে? নে ভাও ধৰিছিল! বেচেৰাই এইকেইদিন আহৰিয়েই পোৱা নাই চাগে! আঘোণৰ এই দিন কেইটাত সি অলপ বেছিকৈ ব্যস্ত হৈ পৰে।ঘৰখনৰ একমাত্ৰ সন্তান উদীপ্ত।দেউতাকে পূৱা ন বজাতেই স্কুললৈ যাযগৈ।মাকো পথাৰলৈ ৰাওনা হয়।ঘৰত অকলে থাকে সি।পূৱা দহমান বজাত এপাক পথাৰলৈ যাব লাগে।মাকহঁতক চাহ এটোপা দি আহে। ভাতো ৰান্ধিব লাগে দাৱনীলৈ।কাঁহী বাতি ধোৱা,ভাত ৰন্ধা,ঘৰ সৰা গোটেইখিনি কাম সিয়ে কৰে।তাতে এইকেইদিন কলেজো বন্ধ আছে।

"আহে বা নাহে ঘুমুটি আহিবা ৰাতি সপোনকে লৈ..."—ৰেডিঅটোত ভাহি অহা গানটোৰ লহৰত সিও চিঞৰি থাকে।ধুই দিয়া চুলিখিনিত গামোছাখন মেৰিয়াই মই সিহঁতৰ ঘৰলৈ যাওঁ।সি তেতিয়াও কিবা এটা নহয় কিবা এটা কাম কৰি থাকেই।
ঘৰত সি অকলে থাকে।মই যে সেই সময়ছোৱাতেই সিহঁতৰ ঘৰলৈ যাওঁ।কাৰণবশত দুই এটা কথাও কাণত পৰিছিল।তথাপি মই সেইবোৰ কথাত ভ্ৰুক্ষেপ নকৰোঁ।
উদীপ্ত সুবিধাবাদী নহয়।মানুহক চিনি পাবলৈ লোৱাৰে তাক জানো।দেখিছোঁ,বুজিছোঁ।ভিতৰি ভিতৰি সি সাংঘাটিক আৱেগিক।তথাপি আত্মসংযমখিনি সদায় আগত।
টিভিটো অন কৰি মই ৰিমর্টত হাত ফুৰাও।তাৰ ডায়েৰীখন পঢ়োঁ।সেইখন পঢ়াৰ অধিকাৰো একমাত্ৰ মোকেই দিছে।তাৰ মতে মই তাক বুজি পাওঁ।বুজিপোৱা জনেহে মানুহৰ সংগোপনীয়তা আৰু ভাৱনাক সন্মান কৰে হেনো।

সি কবিতা লিখে।গান গায়।নতুন গান লিখিলে প্ৰথম মোকেই শুনাই।
"ঐ ৰেনু এইফালে আহ না।নিমখ কিমান দিব লাগিব? দি দে না।তই বৰ নিষ্টুৰ দেই।নিজৰ ভণ্টি এজনী হোৱাহেঁতেন ককায়েকক এনেকৈ কাম কৰিব দি টিভি চাই নাথাকে আক।"

"তই মোৰ দাদা নহয় জান!দে!আঁতৰ হ' যা গা ধুগৈ।মই কৰি দিম।"—তাৰ হাতৰ পৰা নিমখখিনি লৈ তাক কওঁ।সি গা ধুবলৈ যায়গৈ।

সচাঁ কথা এটা বাইশ-তেইশ বছৰীয়া ডেকা ল'ৰা আৰু সমবয়সৰে এজনী গাভৰু ছোৱালী অকলে অকলে তিনি চাৰি ঘণ্টা সময় পাৰ হৈ যায়।তাতে আচল কথা দুয়ো কেৱল বন্ধুত্বৰ সমন্ধৰে বান্ধ খোৱা।তেনেস্থলত মানুহে কিবা এটা ভবাটো স্বাভাৱিক।

অন্তৰংগতাও নথকা নহয়।তথাপি সি লাজ কৰে, ভয় কৰে।মোৰ বন্ধুত্বলৈ নহয় মোৰ মাজত লুকাই থকা যৌৱনা ছোৱালীজনীলৈ।
সচাঁ কথা।মই প্ৰয়োজনাধিক কাষ চাপিব খোজোঁ।কিয় নাজানো?সংযমহীনতাখিনি তাৰ কাষত থাকিলে কোনোবা এটি সময়ত হেৰাই যোৱাৰ উপক্ৰম হয়।
ময়ো তেজ মঙহৰ মানুহ।নিজস্বতাখিন
িক উদীপ্তৰ দৰে মানুহক গটাই দি আপোন কৰি ল'বলৈ সপোন ময়ো দেখিছিলোঁ।
এটা কথা ভাবি আচৰিত হওঁ, ইমানখিনি কথা ক'ব পাৰো অথচ মনৰ বহুদিনীয়া সাঁচি ৰখা কথাটো ক'ব নোৱাৰিলোঁ।বুর্বক সিও, এটা কথা কিয় নুবুজিলে যে এজনী ছোৱালীয়ে কেৱল এটা ল'ৰাৰ সংগতা আৰু সান্নিধ্যক কামনা কৰাৰ কাৰণ কি হ'ব পাৰে?

সময় যে কাৰো বাবে ৰৈ নাথাকে।সপোন,হাবিয়াস সকলো সময়ৰ গোলামি কৰি আহৰি পোৱা সময়খিনিতহে আপোন কৰি ল'ব পাৰি।ময়ো সময়ত আহৰি নাপালোঁ।পাহৰোঁ বুলিয়ে পাহৰিলোঁ।অতদিনে মনত স্থিৰ কৰি ৰখা আশা এটি মোহাৰি সেইখন ঠাইকে এৰি আহিছিলোঁ।উদীপ্তৰ হোৱাৰ আশাখিনি বাদ দিলেই পাৰিছোঁ জানো উদীপ্তক পাহৰি যাব?কেইটা নিশা উদীপ্তৰ স্মৃতিক ৰোমন্থন নকৰাকৈ কটাইছোঁ?সম্ভৱতঃ এটাও নাই।কলেজৰ কেইটা ল'ৰাৰ প্ৰপজেলক কেঞ্চেল কৰিছোঁ! উদীপ্তই মোক ভালপোৱাৰ চকুৰে নাচায়। চালেও মই বিচৰামতে নহয়।অথচ...?
একো নাই মই ভাল পাওঁ তাক।সময় আহিলে এদিন সি নিজেই বুজি পাব।বচ সি এদিন আহৰি পাওক।খুচৰি চাওক অতীতৰ মোৰ সতে কটোৱা দিনবোৰ।
ল'ৰাবোৰে এনেই ট্ৰেজেদি ফালিব পাৰে।সহজ কথা সিহঁতৰ হৃদয়খনো কঠিনেই।
 

"উদীপ্তই চাগে আগৰ দৰেই পথাৰলৈ মাকহঁতৰ ভাত পানী যুগুতাই দিছেগৈ।একেই আছে উদীপ্ত।একেই আছে উদীপ্তৰ জীৱন।মাথোঁ মই আঁতৰি আহি সামান্য নিঃসংগ কৰি পেলাইছোঁ।আগৰ দৰে আজিও চাগে আমাৰ ঘৰত মাক টেঙা খুজি নিছে।ঘৰত চাগে অকলে অকলেই পাৰ কৰিছে সময়বোৰ।কি গান গুনগুনাই আছে বাৰু? ৰেডিঅটোও বেয়া হ'ল চাগে।টিভিও বৰকৈ নাচায় সি।ডায়েৰীখন? সেইখনৰো পৃষ্ঠাবোৰ শেষ হ'ল চাগৈ! কবিতা লিখে যদি ক'ত লিখে? এৰি দিলে নেকি? তাৰ বাৰু এই সময়খিনিত অলপো মোলৈ নপৰে নে? পৰে যদিও প্ৰভাৱ নপৰে চাগে!"

ৰেনুকাৰ সময়বোৰ হোষ্টেলৰ সৰু ৰুমটোৰ মাজতে পাৰ হৈ যায়।ক্লাছো হোৱা নাই এইকেইদিন।বাৰে বাৰে মোবাইলটোলৈ চাইছে।"ফোনকে কৰো নেকি তালৈ? ইমান ত'ত নাইকীয়া হ'বলৈ কিহে পাইছিল তাইক প্ৰহেলিকাৰ পৰা উদীপ্তৰ নম্বৰটো ল'বলৈ! দুবছৰ দিনে দেখোন তেনেকৈয়ে আছিল!" - প্ৰশ্নৰ দোমোজাত ৰেনুকাৰ ভাৱনাই খেলিছে।
"সন্ধিয়া সি ফোন কৰিব।আগৰ দৰেই পথাৰৰ কালভার্টটোতে বহি ল'ব।তেতিয়া সি আহৰি।সেইকণ আহৰিও আজি তাই কাঢ়ি ল'ব।হেঁপাহ পলুৱাই কথা পাতিব তাৰ লগত।ইমান দিনৰ সকলো কথা ক'ব।চেগ বুজি কৈ দিব কথাটো।তাই আশাবাদী।আজি সুবিধাবাদীও হ'ব।ইশ্বৰৰ প্ৰতি থকা বিশ্বাসখিনি অলপ বঢ়াই লৈ তাই এতিয়া অপেক্ষাৰত সন্ধিয়ালৈ।"
 

No comments: