তুমি মোৰ মাথোঁ মোৰ

—ঐ শিখা!কথা এটা মন কৰিছ নাই?
—কি কথানো?
—এহ বাদ দে তই।প্ৰহেলিকাক সুধি চা।
—মই একো নাজানো দেই জ্যোতি।মোক যি টি কথাত এনেই এনেই ফঁচাই নিদিবি তহঁতে।
—এহ্ তয়ো থ তেন্তে।মই কৈছোঁ শুন।
“ৰবি ৰবি।এতিয়াই নকবিচোন।কি কথা ময়ো শুনো।এইয়া কফি ল।“—আধাতিতা চুলিখিনিত কাপোৰ এখন মেৰিয়াই অনামিকাই ট্ৰে এখনত

চাৰিকাপ কফি লৈ ৰূমটোলৈ সোমায় আহে।
“ঐ কথাটো কি ক না সোনকালে!“—প্ৰহেলিকাই কয়।
“কথাটো এই আমাৰ অনামিকাৰ লগত কানেকচন থকা।“—জ্যোতিয়ে কৈ যায়।অনামিকাই সৰুকৈ হাঁহি এটি মাৰি জ্যোতিৰ উৎসুকতাৰে জ্যোতিৰ মূখলৈ চায় ৰয়।
এই যে আমাৰ অসমীয়া বিভাগত নতুনকৈ জইন কৰা উদীপ্ত ছাৰ।উপাধিটো কি আছিল জানো?
—উদীপ্ত কুমাৰ শইকীয়া।অনামিকাই আগবাঢ়ি নামটো চিঞৰে।
“অঁ উদীপ্ত শইকীয়া।তেওঁ যেতিয়া ৰূমত আমাক ক্লাছ কৰি থাকে তেতিয়া যে তেওঁ সঘনাই আমাৰ এওঁৰ ফালে আহি থাকে।“—অনামিকালৈ আঙুলি টোঁৱাই জ্যোতিয়ে কথাষাৰ কয়।
—কি যে কৱ তই?
“অ অ কথাটো সচাঁ।ঠিকেই কৈছ তই জ্যোতি।“—শিখাই জ্যোতিৰ কথাত সমর্থন জনায়।
“জানো পায়!অনামিকাই হে জানিব“—প্ৰহেলিকাই কথাষাৰ কৈ খিলখিলাই হাঁহি দিয়ে।
“কি যে কৱ তহঁতে!তেনে একো কথা নাই।“—অনামিকাই কয়।
ঐ হ‘ব হ‘ব।দেৰি হৈছে।ব‘ল ব‘ল।ঐ অনামিকা থাক।পাৰ যদি বিচনাত পৰি ল গৈ।ছাৰৰ প্ৰেমতে পৰি চা এবাৰ।কল্পনা নহ‘লে সপোনত’হে আক।হাঁহি হাঁহি সিঁহত কেইজনী ওলায় যায়।
গেটৰ মুখৰ পৰা সিহঁতৰ লগ এৰি অনামিকাই চৌহদত প্ৰৱেশ কৰে।অনামিকাৰ মুখত এটি চিনাকী গানৰ সুৰ
“লৈ যোৱা একেবাৰে
থৈ দিয়া কাষৰতে…।“
“বৰ ধুনীয়াকৈ গাব পাৰা দেই অনামিকা“—হোষ্টেলৰ সন্মুখত বাইকঁখন ৰখাই উদীপ্ত শইকীয়াই গেটখন খুলিছে।
পাছলৈ ঘূৰি চায় অনামিকাৰ বুকুখন যেন কঁপি উঠিল।কৃত্ৰিম হাঁহি এটি মাৰি ধন্যবাদ জনালে যদিও তাইৰ হৃদয়ত অনুকম্পাৰ লহৰ এটি বৈয়ে থাকিল।উদীপ্ত ছাৰ।মানুহজনৰ ব্যক্তিত্ব,চেহেৰা পাতি,কথা বতৰা,আচাৰ ব্যৱহাৰ সকলোবোৰেই তাইক সাংঘাটিক ধৰণে আকর্ষিত কৰিছে।হৃদয়ৰ কোনোবা এটি কোণত তাই নজনাকৈ তেওঁৰ প্ৰতি ভালপোৱা জাগি উঠিছে।তেওঁ কাষ চাপি অহাৰ লগে লগে তাই যেন নিজকে পাহৰি যায়।হেৰুওৱাই পেলাই আত্মসংযমখিনি।আন্তৰিকতাখিনি দুর্বলতালৈ পৰিণত হয়।বনৰীয়া হৈ পৰে ভাৱনাবোৰ।অপেক্ষাৰ যেন অন্ত হয়।সংগোপনীয় সকলো যেন তেওঁৰ সামান্য স্পর্শতে খহি পৰিব।কথাবোৰ তাই ভালকৈয়ে পর্যবেক্ষণ কৰিছে যদিও তেওঁ কাষ চাপি আহিলেই সকলো শেষ হৈ যায়।
—হেই কি ভাবি আছা?কাইলৈ মোৰ বার্থ দে।চ ইউ হেভ টু কাম।বাধ্যাতামূলক কিন্তু মনত থবা।
—একো নাই ছাৰ।অকে।প্ৰহেলিকাহঁতক মাতিছেনে?
—অফকর্চ মাতিছোঁ।মই যাওঁ হা।
—ছাৰ,চাহ খাই যাওক।
—নাহ্ নাহ্।মোৰ অলপ কাম আছে।
—যাওক তেন্তে।
—ঠেংকিউ।অ শুনা কাইলৈ কিন্তু তুমি মোৰ বার্থ দেত গান এটা গাব লাগিব।আই ৱাণ্ট টু এ হেভি গিফট ফ্ৰম ইউ।
—ছাৰ মই গাব পাৰিম নে?
—পাৰিবই লাগিব।মোৰ বাবে।
—চাম বাৰু ।
—বেষ্ট অফ লাক।
“বৰষুণজাকে বৰকৈ আমনি কৰে।হিয়াখনত বিষাদ টোপালৰ বুৰবুৰণিয়ে যেন দপদপাবলৈ লয়।সময়ে কঢ়িয়াই লৈ ফুৰা স্মৃতিৰ বোজাটোয়ে যেতিয়া তাইৰ নিঃসংগতাৰ সুযোগত বিষাদ হৈ বুকুখনত সোমায় পৰেহি তেতিয়া তাই হেঁপাহ পলুৱাই হুৰাহুৰে কান্দি দিয়ে।ঝৰঝৰকৈ বৰষুণ সৰিলে যেনিবা কথাই নাই।বৰষুণজাকে যেন তাইক কয় “এবাৰো মনত পৰা নাই নে তেওঁলৈ?সুযোগ পালেই দেখোন তেওঁক কৈছিলা।মই তোমাৰ অবিহনে জীয়াই থাকিব নোৱাৰোঁ।মনত আছেনে সেইদিনা তোমালোকৰ ঘৰত কোনো নাছিল।তেওঁলৈ ফোনটো লগাই বাহিৰত চিঞৰি চিঞৰি কৈছিলা আই লাভ ইউ অনুপল।আই লাভ ইউ।পাছত নিজকে সংযত কৰি নিজৰ ওচৰতে লাজ কৰিছিলা।আজি সেইজন বাৰিষাৰ লগৰীয়া তোমাৰ সৈতে নাই দেখোন।তেওঁ আঁতৰি গ‘ল তোমাৰ পৰা।কিন্তু তুমি আজিও জীয়াই আছা।তুমি মৰিব পৰা নাই।মৰিবলৈ ভয় কৰা?তোমাৰ দুঃখৰ হৈ আকাশে চকুলো টুকিছে।তুমি স্বার্থপৰ অনামিকা।তেওঁৰ ত্যাগৰ বাবে একো কৰিব পৰা নাই আজিলৈকে।“—ঘনঘনকৈ মেঘটোৱে গৰজি উঠিল।তাইৰ দুখ দেখি যেন খিলখিলাই হাঁহিছে।
নহয় মই মৰিব পাৰিম।মই আজিয়েই মৰিম।অনুপলৰ অবিহনে মই জীয়াই থাকিব পাৰিলেও স্মৃতিয়ে মোক জীয়াই থাকিব নিদিয়ে।এশজনৰ সান্তনাতকৈ অনুপলৰ সামান্যকণ স্মৃতিয়েই যন্ত্ৰণা সানিবলৈ যথেষ্ট।অনুপল ক‘ত?অনুপল আজিও জীয়াই আছেনে?সময়েতো তাক কেতিয়াবাই মাৰি পেলালে।কেৱল তাইৰ অপেক্ষাত অনুপল আজিও জীয়াই আছে।অনুপল ঘূৰি নহালৈ তাই মৰিব নোৱাৰে।এঘাৰ বছৰেই হ‘ল অনুপল নিৰুদ্দেশ হোৱা।অনুপল যদি আছেই তেন্তে ক‘ত?অনুপলে আজিও চিনি পাবনে তাইক? আকৌ যেতিয়া লগ পাব কি বুলি মাতিব অনুপলক?“
আঘোণৰ আবতৰীয়া বৰষুণজাক ক্ৰমশঃ ঘন হৈ পৰিছে।ঘৰৰ সকলো মানুহ এতিয়া ঘোৰ টোপনিত।সাৰে আছে অনামিকা।লেপখন মূৰে কাণে লৈ তাই শুকশুকাই কান্দি দিছে।
ল পাৱাৰৰ লাইটিঙৰ পৰিসজ্জিত মঞ্চত হাতত গীতাৰ এখন লৈ চকী এখনত বহি আছে অনামিকা।উদীপ্ত শইকীয়াৰ এটি বিশেষ ঘোষণাৰ অন্ততঃ অনামিকাৰ হাতৰ গীতাৰখন বাজি উঠে।সৰুকৈ এটি কৰুণ টিউন।বাওঁহাতৰ আঙুলিৰ জোকাৰণিত সশব্দে বাজি উঠা গীতাৰখনৰ লগতে অনামিকাৰ ওঁঠৰ পৰা ভাহি আহিছে অচিনাকী সুৰৰ হৃদয় কপাই যোৱা গান এটি।খন্তেক সময়ৰ বাবে নিতাল পৰিবেশ এটিৰ মাজত সকলোৰে মনবোৰ যেন হেৰাই গৈছে।মাথোঁ অনামিকা জিলিকি আছে উতীপ্ত শইকীয়াৰ মন আকাশৰ চিনাকী জোনাক হৈ।
গানটো শেষ হ’লত ৰাইজৰ পৰা বিপুল হর্ষধ্বনি আৰু হাত চাপৰি ওলায় আহিল।অভ্যথনা অপ্যায়ণৰ পাছতে সকলো ঘৰা ঘৰি হৈছে।অনামিকাহঁতো যাবলৈ ওলাইছে।অনামিকাই উদীপ্ত শইকীয়াক মাত এষাৰ লগাই যাও বুলি ভাবিয়েই লগৰকেইজনীৰ সতে তাতে কিছুসময় ৰ‘ল।
—ঐ অনামিকা ছাৰ ভিতৰতে আছে চাগে।তয়ে গৈ মাতষাৰ দি আহ।প্ৰহেলিকাই অনামিকাক ক‘লে।
অনামিকা আগবাঢ়িল উদীপ্ত শইকীয়াৰ ৰূমলৈ।এইয়া কি?উদীপ্ত শইকীয়াৰ ৰূমৰ বেৰত ওলমি আছে অনুপল আৰু তাইৰ কেইবাখনো ফটো।টেবুলতে পৰি থকা ডায়েৰীখন চালে।কি আচৰিত?ডায়েৰীখনো অনুপলৰ।পঢ়িব লগা একো নাই।শেষৰ পৃষ্ঠাত লিখা আছিল “অনামিকাই চাগে মোক এতিয়া কেতিয়াও চিনি নাপাব।“
চিনি পালো অনুপল।তুমি মোৰ মাথোঁ মোৰ।তাই মনটোয়ে চিঞৰি উঠিল।
উদীপ্ত শইকীয়া ওৰফে অনুপল শইকীয়া ৰূমটোলৈ সোমায় আহে।
—ছাৰ??
—এতিয়াও?
—হুঁহ।ক‘ত আছিলা?কিয় কোৱা নাছিলা?মই সাংঘাটিক বেয়া পাইছোঁ তোমাক।
—সেইবোৰ পাছত ক‘ম।এতিয়া মোৰ বুকুৰ মাজলৈ আহা।